উত্তৰ প্ৰদেশৰ নয়ডাৰ ইনড'ৰ ষ্টেডিয়াত অনুষ্ঠিত মুক্ত ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসম দলৰ সাফল্য : ৮ জন খেলুৱৈৰ স্থান লাভ :

উত্তৰ প্ৰদেশৰ নয়ডাৰ ইনড'ৰ ষ্টেডিয়াত অনুষ্ঠিত  মুক্ত ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসম দলৰ সাফল্য  : ৮ জন খেলুৱৈৰ স্থান লাভ  :
Aiidesh Photo

Aiidesh News  : 8 October 2023 :

উত্তৰ প্ৰদেশ টাইকোৱাণ্ডো এচোছিয়েশ্যন আৰু গৌতমবুদ্ধ নগৰ টাইকোৱাণ্ডো এচ'চিয়েশ্যনৰ উদ্যোগত উত্তৰ প্ৰদেশৰ নয়ডাত অনুষ্ঠিত মুক্ত ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমৰ মুঠ ৮ গৰাকী খেলুৱৈয়ে পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ 

টাইকোৱাণ্ডো ফেডাৰেচন অফ ইণ্ডিয়াৰ  সভাপতি ডঃ ঈশ্বৰী কুমাৰ গণেশ আৰু সভাপতি এডভোকেট আৰ.ডি মংগেশকাৰ, উত্তৰ প্ৰদেশ টাইকোৱাণ্ডো এচোছিয়েশ্যনৰ সভাপতি সাইলেশ কুমাৰ সিং আৰু সম্পাদক ৰাজ কুমাৰ আদি  ব্যক্তি সকলৰ ত্বাৱধানত ৫ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ নয়ডাৰ ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মুক্ত ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা সদৌ বোকাখাত জিলা টাইকোৱাণ্ডো সন্থাৰ  ইনস্পায়াৰ টাইকোৱাণ্ডো একাডেমিৰ দলটোৱে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা ৰাজশ্ৰী বৰাই জ্যেষ্ঠ মহিলা পুমচেই শাখাত স্বৰ্ণ পদক, আদিত্য গগৈয়ে ৬৮ কেজি পুৰুষৰ ছিনিয়ৰ শাখাত ব্ৰঞ্জৰ পদক, শোভা গগৈয়ে ৪২ কেজি চাব জুনিয়ৰ মহিলা শাখাত স্বৰ্ণ পদক, প্ৰণয় জ্যোতি হাজৰিকাই ৬৩ কেজিৰ ছিনিয়ৰ শাখাত স্বৰ্ণ পদক, প্ৰিয়া তেৰাংপীয়ে ৪২ কেজি জুনিয়ৰ মহিলা শাখাত ৰূপৰ পদক, জয়ন্তজিত বৰাই ৫৯ কেজি জুনিয়ৰ শাখাত ৰূপৰ পদক, জ্যোতিময় বৰাই ১৬০ চে.মি. পুৰুষৰ কেডেট শাখাত ৰূপৰ পদক আৰু  পাৰ্থজ্যোতি মুণ্ডাই ১৫২ চে.মি.পুৰুষৰ কেডেট শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ।

********