৮০ দশকৰো আগৰ পুৰনি গাড়ীৰে তিনিখন ৰাষ্ট্ৰৰ ৩২৪৪ কিলোমিটাৰ পথ অতিক্ৰমৰ পৰিকল্পনা : কাজিৰঙাত ইষ্ট হিমালয়ান ভিন্টেজ কাৰ ৰেলীৰ দল :

Aiidesh News : 4th November  :

বেলজিয়ামৰ বেলজিয়াম ফেডাৰেচন অৱ ক্লাচিক কাৰ নামৰ বিশ্বৰ আগশাৰীৰৰ সংগঠনটোৰ উদ্যোগত ২০২২ চনৰ বাবে আয়োজিত ইষ্ট হিমালয়ান কাৰ ৰেলীৰ দল বৃহস্পতি বাৰৰ দিনা বিয়লি আহি কাজিৰঙাত উপস্থিত হয় ৷ ইষ্ট হিমালয়ান কাৰ ৰেলী - ২০২২ ত আমেৰিকা আৰু ইউৰোপৰ কেবাখনো দেশৰ ভালেমান পুৰণি গাড়ী বা ভিনটেজ কাৰৰ স্বত্বাধিকাৰে অংশ গ্ৰহন কৰিছে ৷ বেলজিয়াম ফেডাৰেচন অৱ ক্লাচিক কাৰ নামৰ সংগঠনে আয়োজন কৰা ডেষ্টিনেচ ৰেলীৰ অধীনৰ ইষ্ট হিমালয়ান ৰেলী যোৱা ২০ অক্টোবৰত কলকতাত আৰম্ভ হৈ মুৰচিদাবাদ, মালদহ, চিলিগুৰি, দাৰ্জিলিং, পেল্লিং, কালিম্পং, দুৱাৰ, ভুটানৰ পাৰ', থিম্ফ', পোনাখা, বঙাইগাওঁ হৈ ১৫ দিনৰ ভ্ৰমনৰ শেষত কাজিৰঙাত উপস্থিত হয়হি ৷ কাজিৰঙাৰ বৰগছ ৰিজৰ্ট নামৰ বিলাসী হোটেল খনত দুদিন থাকি এই ক্লাচিক কাৰ ৰেলীৰ দলটো মেঘালয়ৰ চিলং হৈ  বাংলাদেশত প্ৰৱেশ কৰিব ৷ বাংলাদেশৰ চিলেট, মৌভিল বজাৰ, ৰাজেন্দ্ৰপুৰ,পাবনা, জাচ'ৰেহৈ ২৪ দিনৰ পিচত কলকতাত উপস্থিত হ'ব গৈ এই ইষ্ট হিমালয়ান কাৰ ৰেলী ৷ ২৪ দিনীয়া এই অভিযানত ইষ্ট হিমালয়ান ক্লাচিক কাৰ ৰেলীৰ এই দলটোয়ে ভাৰত, ভুটান আৰু বাংলাদেশৰ মুঠ ৩২৪৪ কিলোমিটাৰ পথ অতিক্ৰম কৰি ১২ নবেম্বৰত কলকতাত যাত্ৰাৰ সামৰণী মাৰিব ৷

কাজিৰঙাত উপস্থিত হোৱা ইষ্ট হিমালয়ান ক্লাচিক কাৰ ৰেলীত ১৯৮০ চনৰ আগৰ আপুৰুগীয়া আৰু পুৰণি মাৰ্চিডিজ, আইষ্টেন হেলী, জাগুৱাৰ, ভ’লভ’, পৰ্ছে আদি বিখ্যাত কোম্পানীৰ গাড়ীয়ে অংশ গ্ৰহন কৰিছে ৷ এই কাৰ ৰেলীত ১৫ খন আপুৰুগীয়া ভিনটেজ কাৰ সহ ইউৰোপ আৰু আমেৰিকাৰ মুঠ ২৯ গৰাকী লোকে অংশ গ্ৰহন কৰিছে ৷ দলটোৰ লগত আছে দুখন বি ডাব্লিউ এমৰ পুৰনি মটৰ চাইকেলো ৷ বিশ্ব বিখ্যাত বেলজিয়াম ফেডাৰেচন অৱ ক্লাচিক কাৰ নামৰ সংগঠনটোয়ে আয়োজন কৰা পুৰণি গাড়ীৰ এই ইষ্ট হিমালয়ান কাৰ ৰেলীত অভিযানৰ সঞ্চালক ব্ৰুন' লিউনেন, অভিযান পৰিচালক অডিলি দা ৰুকাৰ, মুখ্য মেকানিক এৰিক গিউকেন্নী, মেকানিক পেইৰী দা ওৱাল্ফ, চিকিৎসা সহায়ক লুক ভান হুফ, অভিযান সহায়ক আন্না উইন্টাৰ আৰু চান্দ্ৰা গ্ৰানাৰ উপৰিও এটা বৃহৎ দলে অংশ গ্ৰহন কৰি কাজিৰঙাত উপস্থিত হৈছেহি ৷

দক্ষিন পুৱ এচিয়াৰ ভাৰত , ভূটান আৰু বাংলাদেশ ভ্ৰমন কৰিব লগীয়া এই ৰেলীৰ ভাৰতৰ  সমন্বয়কৰ ম’তে, এই আপুৰুগীয়া গাড়ী সমূহৰ স্বত্বাধিকাৰ সকলে তাহানি দিনৰে এই আপুৰুগীয়া গাড়ী সমুহ অতি সযতনে সুন্দৰকৈ ৰাখিছে ৷ বেলজিয়ামৰ সংস্থাটোৰ উদ্যোগত এই লোক সকলে প্ৰতি বছৰেই বন্ধৰ দিনত এনেদৰে পুৰণি গাড়ী সমূহ লৈ বিভিন্ন দেশত ভিনটেজ কাৰ ৰেলী আয়োজন কৰি আহিছে ৷ ভাৰতত কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন বিভাগেও এই ভিনটেজ কাৰ ৰেলীক সহযোগ কৰিছে বুলি সমন্বয়ক জনে জনায় ৷ স্বত্বধিকাৰ সকলে তেওঁলোকৰ গাড়ী সমূহৰ বনেটত আজাদী কা অমৃত মহোৎসৱ আৰু অতুল্য ভাৰতৰ পোষ্টাৰ লগাই ভাৰত চৰকালৈ সন্মানো জনাইছে ৷ অভিযান সঞ্চালক ব্ৰুন' লিউনেনৰ মতে এই ভিনটেজ কাৰ ৰেলী কোনো প্ৰতিযোগিতা নহয় বৰঞ্চ বিভিন্ন দেশ পৰিভ্ৰমন কৰি সেই দেশৰ কলা সংস্কৃতি আৰু মানুহক লগ পোৱাৰ এক প্ৰচেষ্টাহে আৰু আপুৰুগীয়া পুৰণি গাড়ী সমূহৰ স্মৃতি সজীৱ কৰি ৰখাৰ এক প্ৰয়াসহে মাত্ৰ  ৷

উল্লেখ্য যে ইষ্ট হিমালয়ান ৰেলী ২০২২ ৰ সফল সমাপ্তিৰ পিচত  বেলজিয়াম ফেডাৰেচন অৱ ক্লাচিক কাৰ নামৰ সন্থাটোয়ে ২০২৩ চনৰ চেপ্তেম্বৰ মাহত কানাডাত আৰু ১৬ জানুৱাৰীত শ্ৰীলংকাত ক্লাচিক কাৰ ৰেলী আয়োজন কৰিব বুলি ঘোষণা কৰিছে  ৷

**********