বোকাখাতৰ চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ত অসম গণিত শিক্ষায়তনৰ নৱম বার্ষিক শান্তিৰাম দাস স্মাৰক বক্তৃতানুষ্ঠান :
Aiidesh News : 16 November - 2024 :
বোকাখাতৰ চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ত আজি দিনজোৰা কার্যসূচীৰে নৱম বার্ষিক শান্তিৰাম দাস স্মাৰক বক্তৃতা অনুষ্ঠিত হয় ৷ অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ বিপুল কুমাৰ শর্মা ৷ অনুষ্ঠানত ড০ বিপুল কুমাৰ শর্মাই ‘কেন্ট্ৰৰ যুক্তি আৰু অসীমৰ ধাৰণা’ শীর্ষক জনপ্ৰিয় গণিত বিষয়ক এক আকর্ষণীয় বক্তৃতা আগবঢ়ায় ৷ উল্লেখ্য যে, অসম গণিত শিক্ষায়তনে যোৱা নটা বছৰে ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰি আহিছে শান্তিৰাম দাস স্মাৰক বক্তৃতানুষ্ঠান ৷ জীৱনজোৰা সাধনাৰে ছাত্ৰ-ছাত্ৰী তথা জনসাধাৰণৰ মাজত গণিতক জনপ্ৰিয় কৰাৰ বাবে অহোপুৰুষার্থ কৰা প্ৰয়াত শান্তিৰাম দাসৰ স্মৃতি ন্যাসে এই বক্তৃতা কার্যসূচী পৃষ্ঠপোষকতা কৰি আহিছে ৷ এইবাৰো এই ধাৰাবাহিকতা অক্ষুণ্ন ৰাখি শিক্ষায়তনে চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ত গণিত বিষয়ক এই বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰে ৷
অসম গণিত শিক্ষায়তনৰ বোকাখাত শাখাৰ আতিথ্যত অনুষ্ঠিত এই অনুষ্ঠানটিৰ প্ৰাৰম্ভণিতে অসম গণিত শিক্ষায়তনৰ পতাকা উত্তোলন কৰে শিক্ষায়তনৰ সভাপতি ড০ প্ৰবীন দাসে ৷ পতাকা উত্তোলন থলিতে যোৱা ১৩ নৱেম্বৰত মৃত্যুক সাৱটি লোৱা অসম গণিত শিক্ষায়তনৰ প্ৰতিষ্ঠাপক সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক ড০ বুদ্ধপ্ৰসাদ চেতীয়াৰ স্মৃতিত এক শোকসভা অনুষ্ঠিত কৰে ৷ ইয়াৰ পিছতে অসম গণিত শিক্ষায়তনৰ বোকাখাত শাখাৰ সভাপতি ড০ ৰুবুল বৰাই বন্তি প্ৰজ্বলন কৰে ৷ অসম গণিত শিক্ষায়তনৰ সভাপতি ড০ প্ৰবীন দাসে প্ৰয়াত শান্তিৰাম দাসৰ প্ৰতিকৃৰ্তিত শ্ৰদ্ধাঞ্জলি অর্পন কৰে ৷ চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত অসম গণিত শিক্ষায়তনৰ গীতেৰে অনুষ্ঠান আৰম্ভ কৰা হয় ৷ শিক্ষায়তনৰ বোকাখাত শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক ড০ বিদ্যুৎ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিৎ দত্ত আৰু অসম গণিত শিক্ষায়তনৰ সম্পাদক ড০ আশীষ পালে ৷ প্ৰয়াত শান্তিৰাম দাস আৰু বক্তৃতানুষ্ঠান সন্দর্ভত শিক্ষায়তনৰ কার্যকৰী সভাপতি বীৰব্ৰত দাস চৌধুৰীয়ে বক্তব্য প্ৰদান কৰে৷ ইয়াৰ পিছতে মুখ্য বক্তা ড০ বিপুল কুমাৰ শর্মাই বক্তব্য আগবঢ়ায়৷ অতি আকর্ষণীয় উপস্থাপন শৈলীৰে ড০ শর্মাই জনপ্ৰিয় গণিত সম্পর্কীয় বক্তৃতাটিত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে উপস্থিত ৰাইজক আপ্লুত কৰি তোলে ৷ অনুষ্ঠানটোত চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বোকাখাতৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ বক্তৃতানুষ্ঠানৰ শেষত গণিত শিক্ষায়তনৰ প্ৰতিষ্ঠাপক সভাপতি অধ্যাপক ড০ বুদ্ধপ্ৰসাদ চেতীয়াৰ এক স্মৃতিচাৰণ অনুষ্ঠান অনুস্থিত হয়৷ অনুষ্ঠানত অসম গণিত শিক্ষায়তনৰ উপসভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড০ চন্দ্ৰৰেখা মহন্ত, ড০ পিংকুমনি গোস্বামী, ড০ বিকাশ বর্মন, নীলাভ শর্মা, অসম গণিত শিক্ষায়তনৰ যোৰহাট শাখাৰ সভাপতি ড০ ৰাফেল শইকীয়া, বীৰেণ গগৈ, এল. এন. ফুকন আদি গণ্য-মান্য ব্যক্তিসকলৰ লগতে চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷
**********