নুমলীগড় শোধনাগাৰত অৱহেলিত জাতীয় ছহীদ : শোধনাগাৰটোৰ প্ৰতিষ্ঠা দিৱসত ছহীদক স্মৰণ নকৰাৰ অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ :
Aiidesh News : 24 April - 2026 :
নুমলীগড় শোধানাগাৰে ২২ এপ্ৰিলত উদযাপন কৰা শোধনাগাৰটোৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত অসমৰ জাতীয় ছহীদক স্মৰণ নকৰা আৰু অসমীয়া ভাষাকো অৱহেলা কৰিছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিয়ে । ২৩ এপ্ৰিলৰ দিনা বোকাখাতত থকা পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত বোকাখাত জিলা সমিতিৰ সভাপতি হেমান্ত বৰা, সম্পাদক প্ৰাঞ্জল ভৰালী, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক নিলোৎপল খাউণ্ড আৰু জিলা সমিতিৰ উপদেষ্টা বিপুল বৰা উপস্থিত থাকে। সংবাদ মেলত জাতীয় সংগঠনটোয়ে এই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি কয় যে নুমলীগড় শোধানাগাৰ অসমৰ স্বাভিমানী জাতীয় উদ্যোগ । নুমলীগড় শোধানাগাৰ প্রতিষ্ঠাত অসমৰ আন্দোলনৰ ছহীদৰ আত্ম বলিদান জড়িত আছে। সেই আত্মবলিদানৰ ফলত প্ৰতিষ্ঠা হোৱা এই শোধনাগাৰত বহু হাজাৰ পৰিয়াল সুৰক্ষিত হৈ কৰ্মসংস্থাপন লাভ কৰিছে । আমিও অসমীয়া হিচাপে এই জাতীয় উদ্যোগটোক লৈ গৌৰৱ কৰো বুলি সংবাদ মেলত অৱগত কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। সংবাদ মেল সম্বোধন কৰি জাতীয় সংগঠনটোৰ বিপুল বৰাই কয় যে নুমলীগড় শোধনাগাৰে ২২ এপ্ৰিলত শেধনাগাৰৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস আভিজাত্যৰে উদযাপন কৰে। প্ৰতিষ্ঠা দিৱসেই নহয় শোধনাগাৰটোৰ উদ্যোগত নিয়মিতভাৱে বহু অনুষ্ঠানো অনুষ্ঠিত হৈ থাকে । নুমলীগড় শোধানাগাৰ প্ৰতিষ্ঠা দিৱস বহু অনুষ্ঠিত কৰি আহিছে। এই অনুষ্ঠানবোৰত অভিজাত্যৰ পয়োভৰেৰে আৰম্বৰপূৰ্ণ ভাৱে উদযাপন কৰা আমি দেখিছো। কিন্তু নুমলীগড় শোধানাগাৰৰ সেই অনুষ্ঠান সমূহত জাতীয় ছহীদক স্মৰণ কৰা কোনো দিনেই দেখা পোৱা নাযায় । বৰঞ্চ ৯৯ শতাংশ অসমীয়া বিষয়াৰ এই উদ্যোগটোৰ বহু বিষয়াই উদ্যোগটোক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰা হে দেখা যায় । আমি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিয়ে আমাৰ অসমীয়াৰ স্বাভিমান শ্বহীদক অপমাণ কৰা এই বিষয় সমূহক সহজ ভাবে ল’ব পৰা নাই ।
ইয়াৰ উপৰিও আমি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিয়ে বহু বৰ্ষৰ আগৰ পৰাই নুমলীগড় শোধানাগাৰ প্ৰকল্পৰ মুখ্য স্থানত জাতীয় ছহীদক সন্মান জনাই ছহীদ স্মাৰক নিৰ্মাণ কৰিবৰ বাবে দাবী জনাই অহাৰ পাচতো নুমলীগড় শোধনাগাৰে আজিকোপতি ছহীদ স্মাৰক নিৰ্মাণৰ কোনো বিধিগত ব্যৱস্থা গ্রহণ নকৰাতো অসমীয়া জাতিৰ বাবেই দুর্ভাগ্যজনক বিষয় বুলিও সংবাদ মেলত ক্ষোভ প্ৰকাশ কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । নুমলীগড় শোধানাগাৰ প্ৰকল্পই লক্ষ্য লক্ষ্য টকা ব্যয় কৰি অনুষ্ঠিত কৰা অনুষ্ঠান সমূহ বৰ্জন কৰি অতি শীঘ্রে নুমলীগড় শোধানাগাৰে ছহীদক সম্মান জনাই শ্বহীদ স্মাৰক নিৰ্মাণ কৰিবলৈ দাবী জনায় জাতীয় সংগঠনটোয়ে । অন্যহাতে ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ পিচতো নুমলীগড় শোধনাগাৰত অসমীয়া ভাষাই গুৰুত্বহীন হোৱা বুলিও অভিযোগ উত্থাপন কৰে আজিৰ সংবাদ মেলত।
এই সংক্ৰান্তত অহা ১৫ দিনৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ নুমলীগড় শোধানাগাৰ কর্তৃপক্ষক আমি দাবী জনাইছো বুলি মন্তব্য কৰি বিপুল বৰাই কয় যে ইয়াৰ অন্যথা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিয়ে ৰাইজৰ সহযোগত গণতান্ত্রিক ভাৱে কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ব আৰু ভৱিষ্যতে হ'ব পৰা বিভিন্ন পৰিস্থিতিৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতি কোনো কাৰণত দায়ী নহ'ব বুলি মন্তব্য কৰে ।
********



