বোকাখাতত চতুৰ্থ সংখ্যক সদৌ অসম পাঞ্জা ক্ৰীড়া প্ৰতিযোগিতা : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ চাৰি শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহন :

Aiidesh News  : 21 March - 2024  :

বোকাখাত জিলা পাঞ্জা সন্থাৰ উদ্যোগত সদৌ অসম পাঞ্জা ক্ৰীড়া সন্থাৰ সহযোগত চতুৰ্থ সংখ্যক সদৌ অসম পাঞ্জা প্ৰতিযোগিতা তিনিদিনীয়া কাৰ্যসূচীৰে বোকাখাত নাট্য মন্দিৰত আৰম্ভ হৈছে । ৰাজ্যৰ ১৫ খন জিলাৰ পৰা অহা চাৰি শতাধিক খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহন কৰিছে ৷ ৯ টাকৈ ওজন বিভাগত পুৰুষ আৰু মহিলাৰ উপৰিও জুনিয়ৰ, চিনিয়ৰ আৰু মাষ্টাৰ কেটেগৰীত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ৷

২০ মাৰ্চৰ বিয়লি প্ৰতিযোগী সকলৰ নাম পঞ্জীয়ন আদি সম্পাদনৰ পিচক আজি পুৱা সন্থাৰ মুল পতাকা উত্তোলন কৰে সদৌ অসম পাঞ্জা ক্ৰীড়া সন্থাৰ সভাপতি আদিত্য গোস্বামীয়ে, বোকাখাত জিলা পাঞ্জা সন্থাৰ সভাপতি বিজয় ফুকনে, বন্তি প্ৰজ্বলন স্মৃতি তৰ্পন কৰে বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা আৰু সদৌ অসম পাঞ্জা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক দিগন্ত গগৈয়ে ৷ পৰৱৰ্তী সময়ত অনুষ্ঠিত খেলুৱৈ সকলৰ কুচ কাৱাজৰ পিচতেই উদগনিমুলক বক্তব্যৰে খেলুৱৈ সকলক আদৰণী জনায় ৱর্ড অফ কন্ট্রল ফৰ আর্ম ৰেষ্টলিং ইন ইন্ডিয়াৰ উপ সভাপতি অনুপ ৰাজকোঁৱৰে ৷ পিচতেই অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু আদিত্য গোস্বামীয়ে প্ৰীতি খেলত অংশ গ্ৰহন কৰি আনুষ্ঠানিকভাৱে প্ৰতিযোগিতা উদ্বোধন কৰে ৷

সদৌ অসম পাঞ্জা প্ৰতিযোগিতাত অংশ ল'বলৈ বোকাখাতত আহি উপস্থিত হোৱা খেলুৱৈ সকলক  বোকাখাতৰ সত্যনাৰায়ন সেৱা সদন, বোকাখাত নাট্য মন্দিৰ, জৈন মন্দিৰ, বোকাখাত জিলা ক্ৰীড়া সন্থাৰ অতিথিশালা, দুগ্ধ শীতলীকৰন বিভাগৰ অতিথিশালাৰ উপৰিও সমিতিৰ বিষয়ববীয়া সকলৰ ঘৰত খেলুৱৈ সকলক থকাৰ ব্যৱস্থা কৰিছে । পবিত্ৰ ৰমজান মাহ চলি থকাৰ বাবে ৰোজা ধৰা খেলুৱৈ সকলক আছুতীয়াকৈ ৰাখি ধৰ্মীয় ৰীতি নীতিৰ পালন কৰাৰ ব্যৱস্থাও গ্ৰহন কৰিছে জিলা সমিতিখনে । জিলা সমূহ হৈছে প্ৰতিযোগিতাত ঘৰুৱা জিলা বোকাখাতৰ উপৰিও ডিব্ৰুগড়, ধেমাজী, গোলাঘাট, হোজাই, কামৰূপ, নগাঁও, মৰিগাঁও, শোনিতপুৰ, তিনিচুকীয়া, অসম পুলিচ, নাহৰকটীয়া মহকুমা, চৰাইদেউ, আৰু শিৱসাগৰ জিলাই অংশ গ্ৰহন কৰিছেহি ৷  ভাৰতৰ মূখ্য ৰেফাৰী প্ৰাণজিত শইকীয়া সহ মূঠ ১২ গৰাকী ৰেফাৰীয়ে বোকাখাতত আয়োজিত সদৌ অসম পাঞ্জা প্ৰতিযোগিতা খন পৰিচালিত কৰিছে ৷ সদৌ অসম পাঞ্জা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি আকাশ ফুকনে প্ৰতিযোগিতা সামগ্ৰিক তদাৰক কৰিছে ৷

**********