বহাগ বিহুৰ প্ৰথম দিনাই বোকাখাতত অগ্নিকাণ্ড : জুইত জাহ যায় এটা বাসগৃহ :
Aiidesh News : 16 April - 2026 :
বহাগৰ প্ৰথম বিহুৰ দিনাই বোকাখাত এক অগ্নিকাণ্ড সংঘৰ্টিত হয় । ১৫ এপ্ৰিলৰ নিশা সংঘৰ্টিত এই অগ্নিকাণ্ডত সম্পুৰ্ণৰূপে ধ্বংসস্তুপত পৰিণত হয় ভাইটি ৰাজোৱাৰ নামৰ ব্যক্তিজনৰ বাসগৃহ । বোকাখাত পৌৰসভাৰ ৯ নং ৱাৰ্ডৰ পুৱজ্যোতিপুৰ মুড়া বস্তিত সংঘৰ্টিত এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও বাসগৃহ আৰু ভিতৰত থকা সকলো বস্ত অগ্নিত জাহ যায় । স্থানীয় লোকে জনোৱা মতে নিশা পাৰিবাৰিক কণ্ডলৰ বাবেই ভাইটি ৰাজোৱাৰে নিজেই নিজৰ বাসগৃহত অগ্নি সংযোগ কৰি জ্বলাই দিয়ে । বাসগৃহত অগ্নিসংযোগৰ পিচত কোনোমতে প্ৰাণৰক্ষা পৰে ভাইটি ৰাজোৱাৰৰ পৰিবাৰ আৰু নাৱালক দুই পুত্ৰৰ উপৰিও ভাইটি ৰাজোৱাৰৰ ককায়েক। পাৰিবাৰিক কন্দলৰ বিষয়ে গাওঁৰক্ষীক নিশাই অৱগত কৰে পৰিবাৰে । ঘটনাৰ তদন্ত কৰিবলৈ অহা গাওঁৰক্ষী বাহিনীয়ে আহি ভাইটি ৰাজোৱাৰৰ বাসগৃহত জুইৰ লেলিহান শিখা দেখি অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰকাৰী দল আহি অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় । বাসগৃহৰ লগতে থকা গোহালীৰ পশুধনক স্থানীয় লোকে উদ্ধাৰ কৰে যদিও ভাইটি ৰাজোৱাৰৰ বাসগৃহটো সম্পূৰ্ণ ৰূপে অগ্নিত জাহ যায় । ঘটনাৰ পিচতেই অগ্নিকাণ্ডৰ স্থানত বোকাখাত পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা আৰু বোকাখাত আৰক্ষী থানাৰ তদন্তকাৰীৰ দলো উপস্থিত হৈ ঘটনাৰ তদন্ত কৰি ক্ষয় ক্ষতিৰ বুজ লয় । পৌৰপতি ৰত্নেশ্বৰ বৰুৱাই ক্ষতিগ্ৰস্ত পৰিয়ালটোক সাহাৰ্য প্ৰদানৰ অশ্বাস প্ৰদান কৰে ।
********



