বোকাখাতৰ গ্ৰাছ নামৰ সমগঠনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱসৰ আয়োজন : গিৰিমল্লিকা শইকীয়ালৈ নুমলী হাজৰিকা সোঁৱৰণী 'গ্ৰাছ ৱমেন এৱাৰ্ড'২০২৪ :

বোকাখাতৰ গ্ৰাছ নামৰ সমগঠনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱসৰ আয়োজন : গিৰিমল্লিকা শইকীয়ালৈ নুমলী হাজৰিকা সোঁৱৰণী 'গ্ৰাছ ৱমেন এৱাৰ্ড'২০২৪ :

Ajanta Talukdar : Aiidesh News : 16 February  :

প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত জন্ম লোৱা উজনি অসমৰ অন্যতম বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠন বোকাখাতৰ গ্ৰীণ ৰিভলিউশ্যনেৰী এডমায়াৰেবল চিৰিণ চচাইটি চমুকৈ গ্ৰাছৰ উদ্যোগত আৰু বোকাখাতৰ কেতবোৰ মহিলা সংগঠনৰ সহযোগত অহা ৮ মাৰ্চত বোকাখাতত অনুষ্ঠিত হ'ব আন্তৰ্জাতিক নাৰী দিৱস । আনহাতে বিগত বৰ্ষসমূহত গ্ৰাছে প্ৰদান কৰি অহা নুমলী হাজৰিকা সোঁৱৰণী গ্ৰাছ ৱমেন এৱাৰ্ড - ২০২৪ এই দিৱসৰ লগত সংগতি ৰাখি প্ৰদান কৰা হ’ব বুলি  আজি বোকাখাতত এক প্ৰেছ বিবৃতি যোগে গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰ আৰু সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই ঘোষণা কৰিছে । এই বাৰৰ  নুমলী হাজৰিকা সোঁৱৰণী গ্ৰাছ ৱমেন এৱাৰ্ড - ২০২৪ গোলাঘাট জিলাৰ বনগাঁৱৰ গিৰিমল্লিকা শইকীয়াক প্ৰদান কৰা হ'ব বুলিও প্ৰেছ বিবৃতিত প্ৰকাশ ৷ গিৰিমল্লিকা শইকীয়া এগৰাকী নাৰী সৱলীকৰণৰ কৰ্মী , শিক্ষয়িত্ৰী, লেখিকা, পৰিবেশ কৰ্মী, কাকতৰ নিয়মীয়া স্তম্ভলেখক, প্ৰৱন্ধকাৰ হোৱাৰ লগতে প্ৰকৃতি বিষয়ক গ্ৰন্থৰ প্ৰণেতা ।

ইফালে ৮ মাৰ্চৰ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি গ্ৰাছে মহিলা সৱলীকৰণত সমাজ আৰু চৰকাৰৰ কৰণীয় শীৰ্ষক প্ৰৱন্ধ প্ৰতিযোগিতাৰো  আয়োজন কৰিছে । এউ প্ৰতিযোগিতা কেৱল মহকুমা ভিত্তিত সীমাবদ্ধ আৰু বিশেষকৈ সহযোগী মহিলা অনুষ্ঠানৰ সদস্যা সকলেহে অংশগ্ৰহণ কৰিব পাৰিব বুলি গ্ৰাছে জনাইছে । প্ৰতিযোগী সকলে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে অংশ গ্ৰহণ কৰিব পাৰিব যদিও প্ৰৱন্ধ ১০০০ শব্দৰ ভিতৰত লিখিব লাগিব । ডি টি পি কৰা লেখাহে গ্ৰহণযোগ্য হ'ব আৰু ২৫ ফেব্ৰুৱাৰী ভিতৰত লেখা সমূহ  ৯৭০৭২৭৫০৪২ ৰ ম'বাইল নম্বৰত ৱাটচ আপ যোগে সমিতিলৈ প্ৰেৰণ কৰিব পাৰিব । ইয়াৰ উপৰিও বোকাখাতৰ পুৱতি সাহিত্য সভাৰ প্ৰক্ষাগৃহত আয়োজিত এই আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা নাৰী সকলৰ মাজত  থলীতে চিঠি লিখা প্ৰতিযোগিতা, আমন্ত্ৰিত সমল ব্যক্তিৰ দ্বাৰা নাৰী দিৱসৰ আলোচনা আৰু গ্ৰাছৰ দ্বাৰা সাহিত্যিক পেঞ্চনাৰ নিজৰা বৰঠাকুৰৰ প্ৰৱন্ধ সংকলন উন্মোচন কৰা হ’ব বুলি গ্ৰাছে জনাইছে ৷

*************