কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰিপাৰ্শ্বক উন্নয়ন সমিতিৰ উদ্যোগত বোকাখাতৰ বৰভেটা গাওঁত ভোট জলকীয়াৰ আচাৰ নিৰ্মানৰ প্ৰশিক্ষণ : বিশ্বৰ পৰ্যটকৰ সঁহাৰি লাভ কৰিছে ভোট জলকীয়াৰ আচাৰে :

Aiidesh News  : 20 October 2024: 

চলিত  পৰ্যটন বৰ্ষৰ লগত সংগতি ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ প্ৰৱেশ দ্বাৰত মুকলি কৰা ইক’ চ’প নামৰ বিপনি এখন মুকলি কৰিছে ৷ এই বিপনিত ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁৰ জনসাধাৰণে পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ উদ্যোগত নিৰ্মান কৰা বিভিন্ন হস্ত শিল্প সামগ্ৰীয়ে দেশী বিদেশী পৰ্যটকৰ পৰা অভাৱনীয় সঁহাৰি লাভ কৰিছে ৷ পৰ্যটকৰ মাজত পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিবোৰে নিৰ্মান কৰা গঁড়ৰ সৰু সৰু স্মাৰক, স্থানীয় শিপিনীয়ে হাতে বোঁৱা গামোছা, মৌজোল আৰু ভোট জলকীয়াৰ আচাৰে সমাদৰ লাভ কৰিছে ৷ এই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ কৰ্তৃপক্ষই প্ৰসাৰিত ভাৱে এই সামগ্ৰী সমুহৰ উৎপাদনৰ বাবে কাষৰীয় গাওঁবোৰত পাট আৰু মুগা বস্ত্ৰ উৎপাদন, কাঠ শিল্প আৰু আচাৰ বনোৱাৰ এলানি প্ৰশিক্ষণ আৰম্ভ কৰিছে ৷  এই প্ৰশিক্ষণৰ লগত সংগতি ৰাখি আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ বোকাখাত বনাঞ্চলৰ বৰভেটা গাওঁৰ মহিলা সকলক ভোট জলকীয়াৰ আচাৰ তৈয়াৰীৰ প্ৰশিক্ষণ প্ৰদান কৰে ৷ 

বৰভেটাৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ উদ্যোগত সমিতিৰ কাৰ্যালয়ত আয়োজিত এই প্ৰশিক্ষণত গাওঁৰ ৫০ গৰাকীৰো অধিক মহিলা আৰু যুৱতীয়ে অংশ গ্ৰহন কৰে ৷ অনুষ্ঠানত বোকাখাতৰ বিশিষ্ট উদ্যোমী ব্যক্তি মৌ পালক পাপুমনি হাজৰিকাই প্ৰশিক্ষক হিচাবে উপস্থিত থাকি ভোট জলকীয়াৰ আচাৰ নিৰ্মানৰ প্ৰশিক্ষণ প্ৰদান কৰে ৷ কাজিৰঙাৰ অধীক্ষক গীতাঞ্জলি কলিতা, পৰিবেশকৰ্মী উত্তম শইকীয়াই পৰিচালনা কৰা এই প্ৰশিক্ষণত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ, বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল, বিশিষ্ট সমাজকৰ্মী ধৰ্মেশ্বৰ কুৰ্মী, পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ সভাপতি মন্টু কৰ্মকাৰ, সদস্য সচিব বনপালক ৰোহন গগৈয়ো উপস্থিত থাকে ৷ প্ৰশিক্ষণত বৰভেটাৰ মহিলা সকলে ৫ কিলোগ্ৰাম ভোট জলকীয়াৰ আচাৰ প্ৰস্তুত কৰি বটলত ভৰাই বিপননৰ বাবে সাঁজু কৰে ৷ এই আচাৰ অচিৰেই বৈগৰি বনাঞ্চলৰ ইক’ চ'পলৈ প্ৰেৰণ কৰিব উদ্যান কৰ্তৃপক্ষই ৷ এই আচাৰ বনাবৰ বাবে প্ৰয়োজন হোৱা কেঁচা সমগ্ৰী যোগান ধৰিছে কাজিৰঙা কৰ্তৃপক্ষই আৰু আচাৰ বনোৱাৰ বাবে মাননিও প্ৰদান কৰা হৈছে ৷ পৰৱৰ্তী সময়ত এই সকল মহিলাই ভোট জলকীয়াৰ উপৰিও অনান্য আচাৰ নিৰ্মান কৰি স্বাৱলম্বী হ'ব পাৰিব বুলি কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষে অৱগত কৰে ৷ স্থানীয় মহিলা সকলে বনোৱা এই আচাৰৰ সঠিক বিপননত সহায় কৰিব কাজিৰঙাৰ কৰ্তৃপক্ষয়ো বুলি লগতে জনায় সঞ্চালক গৰাকীয়ে ৷

*********