বোকাখাতৰ ৰজাবাৰীত প্ৰথম বাৰৰ বাবে মুকলি মঞ্চত শ্ৰীকৃষ্ণৰ ৰাসলীলা :
Aiidesh News : 25 November - 2024 :
ভগৱান কৃষ্ণক নতুন কৌশলেৰে দৰ্শনৰ সুবিধা দিলে বোকাখাতৰ "ৰজাবাৰী নাট্য গোষ্ঠী"য়ে । মঞ্চৰ বিপৰীতে মুকলি মঞ্চৰ চৌকাষে দৰ্শকৰ আসনৰ ব্যৱস্থাপনাৰে এক ব্যতিক্ৰমী উপস্থাপন । সম্ভৱত উজনিত এইয়া প্ৰথম প্ৰচেষ্টা । নিৰ্ধাৰিত সময়ত অসমত বিদ্যালয়, আকাশবাণী, দূৰদৰ্শনৰ বাহিৰে একোৱেই অনুষ্ঠিত নহয় । এনে সময়তে সময়ক গুৰুত্ব দি ৰজাবাৰী নাট্য গোষ্ঠীৰ কাৰ্যক্ৰম আৰম্ভ হ'ল সময়সুচী মতেই । বোকাখাত সম জিলাৰ ৰজাবাৰীত অনুষ্ঠিতএই ৰাসৰ প্ৰযোজনা আৰু ব্যৱস্থাপনা ৰজাবাৰী নাট্য গোষ্ঠীৰ । পৰিকল্পনা আৰু পৰিচালনা মাহৰা সত্ৰৰ সত্ৰাধিকাৰ গৌতম গোস্বামীৰ।
গকুলৰ নন্দৰ ঘৰত নন্দোৎসৱেৰে আৰম্ভ হোৱা কাৰ্যক্ৰম ৰাসলীলাৰে সামৰণি পৰে । উদ্বোধনী অনুষ্ঠানত বক্তব্য প্ৰদান কৰি এনে প্ৰচেষ্টাৰ শলাগ লয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা আৰু প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে ৷ বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তই উদ্বোধন কৰা ৰাসৰ এই অনুষ্ঠানত ৰজাবাৰী অঞ্চলটোৰ বৰেণ্য ব্যক্তি গৌতম গোস্বামী, অজিত বৰা, পল্লৱী হাজৰিকা, ময়ূৰী বৰা, ভৱানন্দ কলিতা, পোনাৰাম বৰা, জগত চন্দ্ৰ কলিতা, জিতু শইকীয়া, বিতোপন চুতীয়া, বাবুল চন্দ্ৰ কলিতা, লিটুমণি চেতীয়া, প্ৰশান্ত হাজৰিকা, দেৱাশীষ ভৰদ্বাজ, ৰামেশ্বৰ দাস, হেমকুমাৰী দাস, বুবুল বৰা, গঙ্গাধৰ দত্তক সম্বৰ্ধনা জনায় । মুকলি মঞ্চৰ সমুখত প্ৰতিস্থা কৰা ৰাধা-কৃষ্ণৰ মূৰ্তি উন্মোচন কৰে পুহেশ্বৰ গগৈয়ে । অনুষ্ঠানৰ আঁত ধৰে সুব্ৰত পুৰকায়স্থয় ।
***********