ছিংগাপুৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ সাঁতোৰবিদৰ সাফল্য : মুঠ ৬ পদকেৰে উজলিল অসমৰ আস্থাৰ চৌধুৰী , তীৰ্থাংক পেগু , বিক্ৰম চাংমাই আৰু জাহ্নৱী কাশ্যপ :
Aiidesh News : 26 March - 2026 :
জাপান, চীন, কানাডা আদি দেশৰ খেলুৱৈৰ সৈতে প্ৰতিদ্বন্দিতা কৰি অসমৰ সাঁতোৰবিদ উজলি উঠিল ছিংগাপুৰৰ ছুইমিং পুলত । যোৱা ১৩ ৰ পৰা ২২ মাৰ্চত অনুষ্ঠিত ৫৬ সংখ্যক ছিংগাপুৰ অপেন নেচনেল ছুইমিং চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ অসমৰ চাৰিগৰাকী সাঁতোৰবিদে মুঠ ৬ টা পদক অৰ্জন কৰিবলৈ সক্ষম হয় । মহিলাৰ ২০০ মিটাৰ বাটাৰফ্লাই ইভেণ্টত আস্থা চৌধুৰীয়ে ২ মিনিট ১৭.০৯ ছেকেণ্ডেৰে স্বৰ্ণ পদক অৰ্জন কৰাৰ লগতে নতুন ভাৰতীয় অভিলেখো স্থাপন কৰে । ১০০ মিটাৰ বাটাৰফ্লাই ইভেণ্টত আস্থাই ১ মিনিট ০২.২৫ ছেকেণ্ডত জয় কৰে ব্ৰঞ্জৰ পদক । আস্থা চৌধুৰীৰ লগতে দুটা পদক অৰ্জন কৰে তীৰ্থাংক পেগুৱে । তেওঁ পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাই ইভেণ্টত ১ মিনিট ৫৭.০৯ ছেকেণ্ডত ৰূপ আৰু ৪০০ মিটাৰ ইণ্ডিভিজুৱেল মিডলেত ২ মিনিট ০৫.৬৪ ছেকেণ্ডত লাভ কৰে ব্ৰঞ্জৰ পদক । ইফালে অসমৰ আন এজন সাঁতোৰবিদ বোকাখাতৰ প্ৰতিভা বিক্ৰম চাংমাইয়ে পুৰুষৰ ১০০ মিটাৰ বাটাৰফ্লাই ইভেণ্টত ৫৪.০৮ ছেকেণ্ডেৰে ব্ৰঞ্জ আৰু জাহ্নৱী কাশ্যপে ২০০ মিটাৰ ফ্ৰীষ্টাইলত ২ মিনিট ০৬.৮২ ছেকেণ্ডত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । ১৫০০ মিটাৰ ফ্ৰীষ্টাইত জাহ্নবী কাশ্যপে ব্ৰঞ্জৰ পদক আনিবলৈ সক্ষম হয় ।
উল্লেখ্য যে সমাগত এচিয়ান গেমছলৈ যোগ্যতা অৰ্জনৰ বাবে ছিংগাপুৰৰ এই প্ৰতিযোগিতা অত্যন্ত গুৰুত্বপূৰ্ণ । প্ৰতিযোগিতাত ছিনিয়ৰ শাখাত ভাৰতীয় খেলুৱৈয়ে সৰ্বমুঠ ২ টা সোণ, ৪ টা ৰূপ আৰু ১১ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে । আস্থা চৌধুৰীৰ লগতে আনটো সোণৰ পদক অৰ্জন কৰে ১৫০০ মিটাৰ ফ্ৰীষ্টাইলত কুশাগ্ৰা ৰাৱটে । অলিম্পিয়ান ছাজন প্ৰকাশে পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাইত ৰূপৰ পদক লাভ কৰে যদিও ১ মিনিট ৫৭.০৯ ছেকেণ্ডেৰে তেওঁ কমনৱেলথ গেমছ আৰু এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় । বোকাখাতৰ প্ৰতিভা বিক্ৰম চাংমাইৰ সাফল্যত উৎফুল্লিত বোকাখাতবাসী ।
**********



