বোকাখাতৰ পানবাৰী কৃষিপামত শীতলীকৰণ ভঁৰালত ৰখা আলু বিতৰণৰ বিশেষ অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা :
Aiidesh News : 18 October - 2025 :
অসমত উৎপাদিত ১০ হাজাৰ কোটি টকাৰ কৃষিজাত সামগ্ৰী ২০২৫-২৬ বৰ্ষত বিদেশলৈ পঠাব পৰা যাব । ২০২২-২৩ বৰ্ষত এই পৰিমাণ আছিল ৪ হাজাৰ কোটি টকা । ১৭ অক্টোবৰত বোকাখাতৰ ২৮৩ গৰাকী কৃষকে পানবাৰী কৃষিপাম নিগমৰ শীতলীকৰণ ভঁৰালত জমা ৰখা ৫৭ টন আলুৰ বীজ শীতলীকৰণ ভঁৰালৰ পৰা বিতৰণ কৰি মন্ত্ৰী অতুল বৰাই এনেদৰে কয় । উল্লেখযোগ্য যে চলিত বৰ্ষত কৃষিবিভাগৰ পানবাৰী শীতলীকৰণ ভঁৰালত ২১ টন আৰু যোৰহাটৰ শীতলীকৰন ভঁৰালত ৩৬ টন আলু জমা ৰাখিছিল স্থানীয় কৃষকে । দুয়োটা ভঁৰালতে যোৱাবাৰ ৭৩ জন কৃষকৰ মুঠ ১৭ টন আলু জমা ৰখা হৈছিল । এইবাৰ কৃষকৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু তাৰ তুলনাত অধিক শীতলীকৰণ ভঁৰাল ব্যৱস্থাৰ প্ৰয়োজন আছে । মনকৰিবলগীয়া যে শীতলীকৰণ ভঁৰালত বীজ ৰখা বাবে কৃষকে প্ৰতি কিলোগ্ৰামত মাত্ৰ ৩ টকাহে দিব লাগে । বাদ বাকী সমুদায় ব্যয় নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই বহন কৰি আহিছে ।
১৭ অক্টোবৰত বোকাখাতৰ পানবাৰীত শীতলীকৰণ ভঁৰালত ৰখা আনুৰ বীজ বিতৰণ উপলক্ষ্যে এখন সভা অনুষ্ঠিত হয় ৷ কৃষি বিভাগৰ উপ সঞ্চালক অলকানন্দ কাকতিয়ে আঁত ধৰা আলু বীজ বিতৰণ এই সভাত মন্ত্ৰী অতুল বৰাৰ লগতে জ্যেষ্ঠ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত নুমলীগড় শোধনাগাৰৰ জ্যেষ্ঠ মহাপ্ৰৱন্ধক মিন্টু সন্দিকৈ, পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, সহকাৰী আয়ুক্ত দিপ্তীমণি টায়ে উপস্থিত থাকে । এই সভাত মন্ত্ৰী অতুল বৰাই এনে শীতলীকৰণ ভঁৰালৰ অভাৱ দূৰ কৰাৰ লগতে বোকাখাতৰ কৃষকে যাতে বাহিৰত শীতলীকৰণ ভৱন বিচাৰি যাব লগা নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহন কৰিবলৈ নুমলীগড় শোধনাগাৰৰ জ্যেষ্ঠ মহাপ্ৰৱন্ধক মিন্টু সন্দিকৈক আহ্বান জনায় ৷ লগতে বিদ্যুৎ বিজুতিৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যুতৰ নিয়মীয়া যোগানৰ বাবে ডি জি জেনেৰেটৰ ব্যৱস্থা গ্ৰহন কৰিবৰ বাবেও নুমলীগড় শোধনাগাৰক আহ্বান জনায় ।
*******