বোকাখাত মহকুমাৰ ধানবাৰীত লাম্পী চৰ্ম ৰোগৰ বিনা মুলীয়া পশু চিকিৎসা শিৱিৰ আৰু সজাগতা :

বোকাখাত মহকুমাৰ ধানবাৰীত লাম্পী চৰ্ম ৰোগৰ বিনামূলীয়া পশু চিকিৎসা শিৱিৰ আৰু সজাগতা  :

Aiidesh News  :  27 June 2023  : 

গোলাঘাট জিলা পশু পালন আৰু পশু  চিকিৎসা বিভাগৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুৱ সীমাতে অৱস্থিত ধানবাৰীত মংগলবাৰৰ পুৱাতে লাম্পী চৰ্ম ৰোগৰ সজাগতা আৰু চিকিৎসাৰ এক বিনামুলীয়া শিৱিৰ আয়োজিত হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত আয়োজিত এই শিৱিৰত চিকিৎসাৰ উপৰিও ৰক্ষা ট্ৰায়'ভেক প্ৰতিষেধকো অঞ্চলটোৰ গৰু আৰু ম'হক প্ৰদান কৰা হয় ৷ 

বোকাখাতৰ মহকুমাৰ ভাৰপ্ৰাপ্ত পশু চিকিৎসা বিষয়া, ডা৹ দেৱব্ৰত ফুকন আৰু বোকাখাতৰ খণ্ড পশু চিকিৎসা বিষয়া ডা৹ তন্ময় মেধিয়ে পশু চিকিৎসা শিৱিৰটো পৰিচালনা কৰে ৷ শিৱিৰত পশুচিকিৎসাৰ ক্ষেত্ৰ সহায়ক চিন্ময় নন্দন বৰা আৰু সীমান্ত হাজৰিকাৰ উপৰিও পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়ক প্ৰশিক্ষাৰ্থী ক্ৰমে কিংশুক ৰাজ শইকীয়া, অৰুণ শইকীয়া, পাৰ্থ লইং, ময়ূৰ বুঢ়াগোহাই, হীৰুনন্দন বৰুৱা, অপুৰ্ব শংকৰ বৰি, প্লাৱিতা বৰা, কবিতা গগৈ, সোনালী ৰাজপুত, নম্ৰতা পৰাশৰৰ উপৰিও পশুচিকিৎসা কৰ্মচাৰী বিশ্বনাথ কৰামচিয়াৰী আৰু প্ৰেৰণা ৰাজখোৱাই সহযোগিতা আগবঢ়ায় ৷

বিনামুলীয়া পশু চিকিৎসা শিৱিৰত অঞ্চলটোৰ ৩৯ টা ঘৰৰ মুঠ ৬১২ টা পশু ধনক  চিকিৎসা প্ৰদান কৰাৰ লগতে ২০৫ টা পশুধনক প্ৰতিষেধক প্ৰদান কৰা হয় ৷ ইয়াৰে ৫০৪ টা গৰু, ৩৮ টা ছাগলী আৰু ৭০ টা গাহৰি আছিল বুলি পশু চিকিৎসক ডা৹ দেৱব্ৰত ফুকনে জানিবলৈ দিয়ে ৷

********