ভূমি পট্টাৰ দাবীত ৰাজ্যৰ বিভিন্ন বাগিচাৰ লগতে বোকাখাতৰ বিহৰা চাহ বাগিচাতো আটচাৰ প্ৰতিবাদী কাৰ্যসুচী :

 

ভূমি পট্টাৰ দাবীত ৰাজ্যৰ বিভিন্ন বাগিচাৰ লগতে বোকাখাতৰ বিহৰা চাহ বাগিচাতো আটচাৰ প্ৰতিবাদী কাৰ্যসুচী  : 

Aiidesh News  : 21 June 2023 : 

অসমৰ চাহ বাগিচাৰ শ্ৰমিকৰ বাবে ভূমিৰ পট্টাৰ দাবী দীৰ্ঘ দিনীয়া ৷ এই দাবীৰ আধাৰতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান ক্ৰমে আজি ছাত্ৰ সংগঠনটোৰ নুমলীগড় উপ - শাখাৰ উদ্যোগত বিহৰা চাহ বাগিচা প্ৰাথমিক গোট আৰু মিকিৰচাং বাগিচা প্ৰাথমিক গোটৰ সহযোগত চাহ শ্ৰমিকৰ ভূমিৰ পট্টাৰ দাবীত দুঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে । 

এই প্ৰতিবাদী কাৰ্যসুচীত বিহৰা চাহ বাগিচাৰ শ্ৰমিক, ছাত্ৰ -ছাত্ৰী আৰু আটচাৰ বিষয় ববীয়া সকলে অংশ গ্ৰহন কৰে ৷ ধৰ্ণা কাৰ্যসূচীত ছাত্ৰ সংগঠনটোৰ বোকাখাত শাখাৰ সহকাৰী সম্পাদক ৰামু তাঁতী, নুমলীগড় উপ-শাখাৰ সভাপতি বিকি তাঁতী , সম্পাদক চহন তাঁতী, বিহৰা বাগিচা প্ৰাথমিক গোটৰ সভাপতি জগদীশ তাঁতী, সম্পাদক নৱকান্ত তাঁতী, মিকিৰচাং প্ৰাথমিক গোটৰ সভাপতি অমৰজিৎ তাঁতী আৰু সম্পাদক অভিষেক তাঁতী উপস্থিত থাকে ৷ ধৰ্ণা থলীতে প্ৰতিবাদকাৰী সকলে বাগিচাৰ পৰিচালকৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰে ৷

*******