কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত, অসম কৃষি বন উন্নয়ন আয়োগৰ সহযোগত কাজিৰঙাত যম লাখুটি আৰু পাতিদৈৰ খেতি আৰু উৎপাদনৰ বিশেষ প্ৰশিক্ষণ :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত, অসম কৃষি বন উন্নয়ন আয়োগৰ সহযোগত কাজিৰঙাত যম লাখুটি আৰু পাতিদৈৰ খেতি আৰু উৎপাদনৰ বিশেষ প্ৰশিক্ষণ  :
Aiidesh Photo

Aiidesh News  : 4 October 2024  : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বিশেষ উদ্যোগত আজি দিন জোৰা কাৰ্যসুচীৰে কঁহৰাত থকা বিভাগীয় সভাগৃহত যম লাখুটি আৰু পাতিদৈৰ উৎপাদন আৰু ব্যৱসায়িক ভিত্তি ইয়াৰ কৃষি সম্পৰ্কত এক কৰ্মশালা অনুষ্ঠিত হয় ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মী আৰু কাষৰীয় গাওঁৰ কৃষকৰ বাবে আয়োজিত এই কৰ্মশালাত ভাৰতীয় বন গৱেষণা ও  শিক্ষা পৰিষদ আৰু যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ বিশেষজ্ঞ সকলে প্ৰশিক্ষণ প্ৰদান কৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড৹ সোনালী ঘোয়ে উদ্বোধন কৰা এই অনুষ্ঠানত গোলাঘাট জিলাৰ সামাজিক বনানিকৰণ বিভাগৰ ডি এফ অ’ ঋতুপৱন বৰা, বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰিকৰী বিষয়া তথা প্ৰধান অনুসন্ধানকাৰী প্ৰশান্ত, বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ জেষ্ঠ বিজ্ঞানী ড৹ তাজুম দনী, কাৰিকৰী বিষয়া প্ৰতুল হাজৰিকাৰ উপৰিও শতাধিক কৃষক, বনকৰ্মী আৰু বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিয়ে  অংশগ্ৰহন কৰে ৷ অনুষ্ঠানতে বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত প্ৰকাশ কৰি উলিওৱা যম লাখুটি আৰু পৈতিদৈ সম্পৰ্কীয় দুখন পত্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কাজিৰঙাৰ সঞ্চালক তথা অসম কৃষি বন উন্নয়ন আয়োগৰ সভাপতি ড৹ সোনালী ঘোষে ৷

সময়োপযোগি আৰু অতি গুৰুত্বপূৰ্ণ এই কৰ্মশালাৰ প্ৰথমাৰ্ধত পাতিদৈৰ উৎপাদন সম্পৰ্কত ড৹ প্ৰশান্ত হাজৰিকাই আৰু যম লাখুটিৰ উৎপাদন সম্পৰ্কত ড৹ তাজুম দনীয়ে সচিত্ৰ উপস্থাপনেৰে প্ৰশিক্ষণ প্ৰদান কৰাৰ বিপৰীতে দ্বিতীয়াৰ্ধত প্ৰতুল হাজৰিকাই ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে ৷

********