বোকাখাতৰ উজনি বিকলাংগ কেন্দ্ৰ আৰু শিশু গৃহত গোলাঘাটৰ ৰ'টাৰী ক্লাবৰ পোচাক বিতৰণ :

বোকাখাতৰ উজনি বিকলাংগ কেন্দ্ৰ আৰু শিশু গৃহত গোলাঘাটৰ ৰ'টাৰী ক্লাবৰ পোচাক বিতৰণ  :
Aiidesh Photo
বোকাখাতৰ উজনি বিকলাংগ কেন্দ্ৰ আৰু শিশু গৃহত গোলাঘাটৰ ৰ'টাৰী ক্লাবৰ পোচাক বিতৰণ  :

Aiidesh News  : 2 June - 2025 : 

বোকাখাতত থকা উজনি অসম বিকলাংগ কেন্দ্ৰ আৰু শিশুগৃহৰ আৱাসিক ছাত্ৰ ছাত্ৰীৰ মাজত ১ মে’ ত গোলাঘাটৰ ৰ'টাৰী ক্লাবে সাজ পাৰ বিতৰণ কৰে ৷ এই উপলক্ষে উজনি অসম বিকলাংগ কেন্দ্ৰত কেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ সভাপতি তথা অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ উপস্থিতিত আয়োজিত সভাত গোলাঘাট ৰ'টাৰী ক্লাবৰ সভাপতি উপেন গগৈৰ নেতৃত্বত ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি পুৰ্ণানন্দ বৰুৱা, উপ সভাপতি কুমুদ শইকীয়া, প্ৰাক্তন সভাপতি ড৹ মিনুৰা বেগম, নিৰ্বাচিত সভাপতি চৈয়দ চাদিকুৰ ৰহমান, সম্পাদক পলাশ সন্দিকৈ আৰু সদস্য বিকাশ গুপ্তা উপস্থিত থাকে ৷ উজনি অসম বিকলাংগ কেন্দ্ৰ পৰিচালনা সমিতিৰ সম্পাদক উত্তম শইকীয়া আঁত ধৰা এই অনুষ্ঠানত কেন্দ্ৰৰ পৰিচালনা সমিতিৰ উপ সভাপতি দুলাল ডেকা, সহকাৰী সম্পাদক ৰুদ্ৰ ছেত্ৰীৰ উপৰিও জেষ্ঠ কৰ্মকৰ্তা তথা বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সম্পাদক নীলু আচাৰ্যৰ লগতে কেন্দ্ৰৰ শিক্ষক কৰ্মচাৰী আৰু আৱাসিক দিব্যাংগ ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে ৷ অনুষ্ঠানতে কেন্দ্ৰ দিব্যাংগ শিক্ষয়ত্ৰী কুন্তী পানিকাৰ পৰিচালনাত দিব্যাংগ ছাত্ৰ ছাত্ৰী সকলে সমবেত সংগীত পৰিবেশন কৰে ৷ এই অনুষ্ঠানতে ৰ'টাৰী ক্লাবে ছাত্ৰ ছাত্ৰী সকলৰ মাজত সাজ পোচাক আৰু মিঠাই বিতৰন কৰে ৷

পৰৱৰ্তী সময়ত গোলাঘাট ৰ'টাৰী ক্লাবৰ সঁজাতি দলে বোকাখাতৰ শিশুগৃহৰ অনাথ ছাত্ৰ ছাত্ৰী সকলৰ মাজতো সাজ পাৰ বিতৰন কৰে ৷ অনুষ্ঠানত শিশুগৃহটিৰ পৰিচালক মনোজ পেগু আৰু বোকাখাত নিৰ্মান গোটৰ সম্পাদক জয়ন্ত খাৰঘৰীয়া উপস্থিত থাকে ৷

********