বোকাখাতত মন্ত্ৰী অতুল বৰাৰ উদ্যোগত ২০২৫ শিক্ষাবৰ্ষৰ কৃৰ্তি ছাত্ৰ ছাত্ৰীক অভিনন্দন আৰু সম্বৰ্ধনা :

বোকাখাতত মন্ত্ৰী অতুল বৰাৰ উদ্যোগত ২০২৫ শিক্ষাবৰ্ষৰ কৃৰ্তি ছাত্ৰ ছাত্ৰীক অভিনন্দন আৰু সম্বৰ্ধনা  :
Aiidesh Photo
বোকাখাতত মন্ত্ৰী অতুল বৰাৰ উদ্যোগত ২০২৫ শিক্ষাবৰ্ষৰ কৃৰ্তি ছাত্ৰ ছাত্ৰীক অভিনন্দন আৰু সম্বৰ্ধনা  :
বোকাখাতত মন্ত্ৰী অতুল বৰাৰ উদ্যোগত ২০২৫ শিক্ষাবৰ্ষৰ কৃৰ্তি ছাত্ৰ ছাত্ৰীক অভিনন্দন আৰু সম্বৰ্ধনা  :

Aiidesh News  : 25 June - 2025  : 

বিগত বছৰবোৰৰ দৰে এইবাৰো বোকাখাত বিধানসভা সমষ্টিৰ বিভিন্ন শিক্ষানুষ্ঠানৰপৰা বহুতো সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমষ্টিলৈ গৌৰৱ কঢ়িয়াই অনা  ছাত্ৰ-ছাত্ৰী সকলক ২৪ জুনত কেবিনেট মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাৰ উদ্যোগত সম্বৰ্ধনা জনোৱা হয় । বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত থকা মুকলি প্রেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত ২০২৫ শিক্ষাবৰ্ষত সমষ্টিৰ মুঠ ৯৪ খন শিক্ষানুষ্ঠানৰ মুঠ ১৩৩২ গৰাকী কৃতিমান ছাত্ৰ ছাত্ৰীক মন্ত্ৰী অতুল বৰাই সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰে ৷ ইয়াৰে মুঠ ৫৮ খন উচ্চ মাধ্যমিকৰ ৭৫৭ গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উতীৰ্ণ হোৱা আৰু ৩৭ খন উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উতীৰ্ণ ৫৭৫ গৰাকী কৃৰ্তি ছাত্ৰ ছাত্ৰীক এখনি গ্ৰন্থ, গছপুলি, গামোচা আৰু সম্বৰ্ধনা পত্ৰগছৰে অভিনন্দন আৰু সম্বৰ্ধনা জনায় মন্ত্ৰী গৰাকীয়ে  ৷ অনুষ্ঠানত বোকাখাত সমজিলা আয়ুক্ত শিৱানী জাৰ্ণগল, বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক শিক্ষয়ত্ৰী, অভিভাৱক আৰু বোকাখাত সমজিলাৰ প্ৰশাসনিক বিষয়া সকলো উপস্থিত থাকে ৷

**********