নুমলীগড় খণ্ড বন কাৰ্যালয়ত হাতী মানুহৰ সংঘাত নিয়ন্ত্ৰনৰ বাবে গজমিত্ৰৰ প্ৰশিক্ষণ :
Aiidesh News : 26 March - 2026 :
গোলাঘাট বন সংমণ্ডল আৰু বিশ্ব প্ৰকৃতি নিধিৰ যৌথ উদ্যোগত আজি নুমলীগড় খণ্ড বন কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আজি হাতী মানুহ সংঘাত প্ৰশমনৰ বাবে নিয়োজিত গজমিত্ৰ সকলৰ এক বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত হয় । নুমলীগড়ৰ খণ্ড বন বিষয়া আইহুম শ্যামৰ উপস্থিতি অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসুচীত নুমলীগড়় উপৰিও দেৰগাওঁ আৰু বকিয়াল বন খণ্ড কাৰ্যালয়ৰ বনকৰ্মী আৰু গজমিত্ৰ সকলে অংশগ্ৰহন কৰে । প্ৰশিক্ষণত বিশ্ব প্ৰকৃতি নিধিৰ জেষ্ঠ সমন্বয়ক ড০ জয়ন্ত গগৈ আৰু উত্তম শইকীয়া সমল ব্যক্তি হিচাবে অংশ গ্ৰহন কৰি হাতী মানুহৰ সংঘাতৰ পটভুমিত গজমিত্ৰ আৰু বনকৰ্মীৰ কৰণীয় কাৰ্যব্যৱস্থা আৰু হাতীৰ আচৰণ আৰু চিনাক্তকৰণ আদিৰ ওপৰত বিস্তৃত বাখ্যা দাঙি ধৰে । সচিত্ৰ উপস্থাপনেৰে ড০ জয়ন্ত গগৈয়ে হাতী খেদাৰ পদ্ধতি গত উপায় আৰু নিয়মৰ উপৰিও হাতীৰ আৱাস সংৰক্ষণৰ উপৰিও হাতী ওলোৱা অঞ্চলত বিকল্প কৃষিৰ বিষয়েও গজমিত্ৰ সকলৰ সৈতে মত বিনিময় কৰে । পৰিৱেশ কৰ্মী হাতীৰ আচৰণ , নুমলীগড় অঞ্চলৰ হাতীপটি, চাহ বাগিচা আদিত হাতী বিচৰণৰ উপৰিও চাহ বাগিছাত থকা নাহৰ ফুটুকী বাঘৰ সংৰক্ষণৰ গুৰুত্ব বাখ্যা কৰি গজমিত্ৰ সকলৰ অভিজ্ঞতাৰ বুজ লয় । খণ্ড বন বিষয়া আইহুম শ্যামৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা প্ৰশিক্ষণ কাৰ্যসুচীত বন বিভাগৰ গৱেষণা প্ৰকল্পৰ বিষয়া ৰীণামনি শইকীয়াই হাতী আৰু মানুহৰ সংঘাত প্ৰশমন বাবে বনবিভাগে লোৱা পদক্ষেপ সমুহ আলোচনা কৰে । আলোচনাত বকিয়াল , মিকিৰচাং আদি অঞ্চলৰ গজমিত্ৰ সকলে তেওঁলোকৰ অভিজ্ঞতা আৰু অভাৱ অভিযোগ সমুহ বৰ্ণনা কৰে । প্ৰশিৰ্ষণ কালতে হাতীৰ নিৰীক্ষণৰ বাবে প্ৰয়োজনীয় টৰ্চ লাইট আৰু ঠাই বিশেষে সৌৰ চালিত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিবৰ বাবে বন বিভাগ আৰু বিশ্ব প্ৰকৃতি নিধিক অনুৰোধ জনায় ।
*********



