নিজৰ চাৰ্ভিচ ৰাইফলৰ গুলীত আহত কাজিৰঙাৰ বনকৰ্মী :

নিজৰ চাৰ্ভিচ ৰাইফলৰ গুলীত আহত কাজিৰঙাৰ বনকৰ্মী :
Photo FD

Aiidesh News : 26 March - 2026 :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কঁহৰা বনাঞ্চলত হোৱা এক অনাকাংক্ষিত ঘটনাত গুলীবিদ্ধ হয় এজন বন সুৰক্ষা বাহিনীৰ জোৱান । জানিব পৰা মতে কঁহৰা বনাঞ্চলৰ গৰৈমাৰী বনশিৱিৰৰ বন সুৰক্ষা বাহিনীৰ জোৱান লাহন কাৰ্ডঙে সতীৰ্থ বনকৰ্মী দিনেশ কাৰ্ডংৰ লগত বন পথত কৰ্তৰত অৱস্থাতে পিচলি পৰে । ফলত লাহন কাৰ্দংৰ নিজৰেই চাৰ্ভিচ ৰাইফলৰ টিগাৰত হেঁচা পৰাত গুলী ফুটি তেওঁৰ ভৰিত আঘাত কৰে । গুৰুতৰভাৱে আহত হোৱা  জোৱান জনক তৎকালেই কঁহৰাৰ থকা বেজা বৈষ্ণৱ চিকিৎসালয়লৈ অনা হয় । কঁহৰাৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি আহত লাহন কাৰ্দংক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । লাহন কাৰ্ডঙৰ ঘৰ বোকাখাতৰ অগৰাতলিত বুলি জানিব পৰা গৈছে ।

*********