উজনিত চিয়াং আৰু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ নিম্নগামী : নিমাতীঘাট আৰু ধনশিৰিমুখত বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ :

উজনিত চিয়াং আৰু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ নিম্নগামী  : নিমাতীঘাট আৰু ধনশিৰিমুখত বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ :

 

উজনিত চিয়াং আৰু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ নিম্নগামী  : নিমাতীঘাট আৰু ধনশিৰিমুখত বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ  :

Aiidesh News  : 10 July 2023  : 

কেন্দ্ৰীয় জল আয়োগৰ তথ্য় মতে উজনিৰ অৰুণাচলৰ টুটিং, ইংকিয়ং আৰু পাচিঘাটৰ লগতে ডিব্ৰুগড় আৰু নিমাতীঘাটতো আজি বিয়লি নিম্নগামী হৈ আছে চিয়াং আৰু ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ৷

ধনশিৰিমুখ -

১০ জুলাইৰ  বিয়লিৰ ৪ বজাৰ তথ্য মতে বোকাখাতৰ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বিয়লি ২ বজাৰ পৰা বিপদসীমাৰ ০.৪৬ মিটাৰ উচ্চতাত স্থবিৰ হৈ থাকি বিয়লি ৫ বজাত পুনৰ নিম্নগামী হৈছে  ৷ নিশালৈ জলপৃষ্ঠ আৰু নিম্নগামী হোৱাৰ সম্ভাৱনা আছে ৷ সম্প্ৰতি ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ০.৪৫ মিটাৰ ওপৰত আছে ৷ ১০ জুলাইত বোকাখাত বৃষ্টিপাতৰ পৰিমান ২৯.৫ মিমি ৷

নিমাতীঘাট -

১০ জুলাইৰ দিনৰ ভাগত নিমাতীঘাটৰ জলপৃষ্ঠ পুৰ্বতকৈট ০.১০ মিটাৰ হ্ৰাস পাইছে যদিও জলপৃষ্ঠ বিপদসীমাৰ ০.২৭ মিটাৰ ওপৰেদি প্ৰবাহিত হৈ আছে ৷ পুৰ্বানুমান নিমাতীঘাটৰ জলপৃষ্ঠ নিশা ৯ বজালৈকে নিম্নগামী হোৱাৰ সম্ভাৱনা আছে ৷ দিনটোত নিমাতীঘাটৰ বৃষ্টিপাত ৩২ মি মি ৷

ডিব্ৰুগড় - 

১০ জুলাইৰ দিনত ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ পুৱাৰে পৰা ০.১১ মিটাৰ হ্ৰাস পাইছে আৰু নিশা ৯ বজালৈকে জলপৃষ্ঠ নিম্নগামী হোৱাৰ সম্ভাৱনা আছে ৷ সম্প্ৰতি ডিব্ৰুগড়ৰ জলপৃষ্ঠ সংকেত সীমাৰ ০.৪৮ মিটাৰ ওপৰেদি প্ৰবাহিত হৈ আছে ৷ বৃষ্টিপাতৰ তথ্য পোৱা হোৱা নাই ৷

পাচিঘাট -

পাচিঘাটতো ১০ জুলাই দিনটোত চিয়াং নদীৰ জলপৃষ্ঠ নিশাতকৈ ০.১১ মিটাৰ হ্ৰাস পাইছে ৷ পুৰ্বানুমান মতে ১০ জুলাইৰ নিশালৈ জলপৃষ্ঠ আৰু হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ৷ বৃষ্টিপাত ১.৮৩ মি মি ৷

একেদৰে ইংকিয়ং আৰু টুটিঙতো হ্ৰাস পাইছে চিয়াং নদীৰ জলপৃষ্ঠ আৰু পুৰ্বানুমানমতে জলপৃষ্ঠ আৰু হ্ৰাসৰ সম্ভাৱনা আছে ৷ টুটিংত দিনটোত ০.২ মিমি বৃষ্টিপাত হোৱাৰ তথ্য পোৱা গৈছে ৷

নুমলীগড় -

১০ জুলাই দিনৰ ভাগত নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠই নিশাতকৈ ০.০৩ মিটাৰ বৃদ্ধি পাইছে আৰু পানী বাঢ়ি আছে ৷ নুমলীগড় মুঠ ৫ মি মি বৃষ্টিপাত হোৱা বুলি তথ্য পোৱা গৈছে ৷

************