৮ মাৰ্চত কাজিৰঙালৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী : নিশা কাজিৰঙাতে থাকি ৯ মাৰ্চত কাজিৰঙা দৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে :

৮ মাৰ্চত কাজিৰঙালৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  : নিশা কাজিৰঙাতে থাকি ৯ মাৰ্চত কাজিৰঙা দৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে  :
Aiidesh Photo
৮ মাৰ্চত কাজিৰঙালৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  : নিশা কাজিৰঙাতে থাকি ৯ মাৰ্চত কাজিৰঙা দৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে  :

Aiidesh News : 28 February 2024 : 

অহা ৮ আৰু ৯ মাৰ্চত কাজিৰঙালৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ প্ৰধানমন্ত্ৰী গৰাকীৰ ভ্ৰমনক লৈ ইতিমধ্যেই ব্যস্ত হৈ পৰিছো ৰাজ্য চৰকাৰ ৷ এই উপলক্ষ্যে আজি অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিংৰ উপস্থিতিত  কঁহৰাত  থকা আৰক্ষী অতিথিশালাত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱিত কাজিৰঙা ভ্ৰমণসূচীৰ প্ৰস্তুতিৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয় । সভাত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ পুৰুষোত্তম দাস যোশী, প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱ, অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান হৰমিত সিং, আৰক্ষী মহাপৰিদৰ্শক দেৱজ্যোতি মুৰ্খাজী, তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ সঞ্চালক মানবেন্দ্ৰ দেৱ ৰয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড৹ সোনালী ঘোষ, গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণ, গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, বোকাখাতৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত জিলা আয়ুক্ত চিমী কৰণ আৰু সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া সকল উপস্থিত থাকে ৷

জানিব পৰা মতে ৮ মাৰ্চত কাজিৰঙালৈ আহি কঁহৰাত থকা আৰক্ষীৰ অতিথিশালাত নিশাতো কটাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু ৯ মাৰ্চৰ পুৱা কাজিৰঙা দৰ্শন কৰিব ৷ ৮ মাৰ্চৰ দিনা হেলিকপ্টাৰেৰে আহি কাজিৰঙাৰ গেলেকী খেলপথাৰ বা পানবাৰীৰ অস্থায়ী হেলিপেডত অৱতীৰ্ণ কৰাৰ পিচতে কঁহৰাৰ আৰক্ষী অতিথিশালালৈ যাব নৰেন্দ্ৰ মোডী ৷ প্ৰধানমন্ত্ৰী গৰাকীৰ এই ভ্ৰমনৰ বাবে এতিয়া কাজিৰঙাত ব্যস্ত হৈ পৰিছে সকলো ৷ আজি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম চৰকাৰৰ বনবিভাগৰ প্ৰধান মুখ্য বন বল এম কে যাদৱৰ আৰু উচ্চ পদস্থ বিষয়াক লগতলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দৰ্শন কৰিব লগীয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ামৰ সাম্ভাব্য স্থান সমুহ পৰিদৰ্শ কৰে ৷ ইতিমধ্যে পানবাৰীত অস্থায়ী আৰু বিকল্প হেলিপেডো নিৰ্মান কৰিছে প্ৰশাসনে ৷

*******