দিহিং পাটকায়ে নহয় অসমৰ কোনো স্থানতে বনধ্বংস আৰু অবৈধ্য মাইনিং হবলৈ দিয়া নহয় : বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ঘোষণা :

AIIDESH NEWS. 27 May : 

দিহিং পাটকাইত কয়লাৰ অবৈধ খনন আগৰে পৰাই চলি আছিল ৷ আমাৰ চৰকাৰ অহাৰ পিচত এই কাৰ্য বন্ধ কৰি আমি ৫ হেজাৰ মেট্ৰিক টন কয়লা জব্দ কৰিছো ৷ ক'ল ইণ্ডিয়াক ৪৩ কোটি টকাৰ জৰিমনাও বিহিছো আমাৰ চৰকাৰৰ দিনতে ৷ আমাৰ দিনতে কাজিৰঙাত গঁড় হত্যাও বহু কমিছে ৷ আমি আপোনালোকক আস্বস্ত কৰি কওঁ যে দিহিং পাটকাইতেই নহয় অসমৰ কোনো স্থানতে আমি বন ধ্বংস বা মাইনিং কোনো কাৰণতে হবলৈ নিদিওঁ - সম্ভাব্য বানপানীৰ সময়ত ল'বলগা বিভাগীয় প্ৰস্তুতিৰ বাবে আজি কাজিৰঙাত উপস্থিত হৈ এই দৰে কয় বনমন্ত্ৰী পৰিমল শুক্ল বৈদ্যই ৷ বিগত সময়ত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী সোমাই  প্লাৱিত কৰাৰো সম্ভাৱনা আছে ৷ যাৰ বাবে বানপাণীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত ল'ব লগা ব্যৱস্থাৱলীৰ বুজ ল'বৰ বাবে আজি কাজিৰঙালৈ আহে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ কাজিৰঙাত মন্ত্ৰীজনে বনবিষয়া সকলৰ লগত সাম্ভাব্য বানপানীৰ ব্যৱস্থাপনাৰ বিষয়ে আলোচনা কৰাৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানখনৰ ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰৰো পৰিদৰ্শন কৰে ৷ ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিয়েই তেওঁ কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰও পৰিদৰ্শন কৰি বানপানীৰ বাবে কেন্দ্ৰটোত চলোৱা প্ৰস্তুতিৰ বুজ লয় ৷ মন্ত্ৰী গৰাকীৰ এই পৰিদৰ্শনত বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক , কাজিৰঙাৰ সঞ্চালক আৰু বনসংমণ্ডল প্ৰাধিকাৰীয়েও তেওঁক সংগ দিয়ে ৷ কেন্দ্ৰতোত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কেন্দ্ৰ পৰিচালক ড৹ৰথীন বৰ্মনৰ সৈতেও আলোচনা কৰে ৷