হোলোঙাপাৰ গিবন অভয়াৰণ্যত বন বিভাগ আৰু আৰণ্যকৰ উদ্যোগত গিবন সংৰক্ষণৰ সপ্তাহজোৰা বিশেষ প্ৰশিক্ষণ কাৰ্যসুচী :

হোলোঙাপাৰ গিবন অভয়াৰণ্যত বন বিভাগ আৰু আৰণ্যকৰ উদ্যোগত গিবন সংৰক্ষণৰ সপ্তাহজোৰা বিশেষ  প্ৰশিক্ষণ কাৰ্যসুচী :
Aiidesh Photo
হোলোঙাপাৰ গিবন অভয়াৰণ্যত বন বিভাগ আৰু আৰণ্যকৰ উদ্যোগত গিবন সংৰক্ষণৰ সপ্তাহজোৰা বিশেষ  প্ৰশিক্ষণ কাৰ্যসুচী :

 

Aiidesh News : 3 April - 2024: 

উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত যোৰহাট জিলাৰ হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ গিবন সংৰক্ষণ কেন্দ্ৰত হলৌ গিবন সংৰক্ষণ সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় । অসমত গিবন সম্পৰ্কীয় গৱেষণা, প্ৰশিক্ষণ আৰু সংৰক্ষণ বিষয়ক কাম-কাজৰ বাবে অসমৰ বন বিভাগৰ যোৰহাট বন সংমণ্ডলৰ সহযোগত আৰু “দ্যা হেবিটেত ট্ৰাষ্টছ”, “আই ইউ চি এন এছ এছ চি প্ৰাইমেট স্পেচিয়েলিষ্ট গ্ৰুপ” আৰু “আই ইউ চি এন প্ৰাইমেট ছেকশ্যন অৱ স্মল এপছ”ৰ সহায়ত আৰণ্যকৰ উদ্যোদত ২৮ মাৰ্চত আৰম্ভ কৰা এই প্ৰশিক্ষণ ২ এপ্ৰিলত সমাপ্ত হয় । প্ৰশিক্ষণ কাৰ্যসুটীত অভয়াৰণ্য় খনৰ মুঠ ২৯ জন বন কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

সপ্তাহজোৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত উত্তৰ-পূব ভাৰতৰ জৈৱ বৈচিত্ৰ্য আৰু সংৰক্ষণ, উত্তৰ-পূব ভাৰতত প্ৰাইমেট সংৰক্ষণ, গিবন পিয়ল বা সংখ্যা অনুমান, গিবনৰ তথ্য সংগ্ৰহ, সংৰক্ষন আৰু প্ৰতিবেদন প্ৰস্তুতকৰণ, ফুল অধ্যয়নৰ কৌশল, গিবনৰ বাসস্থানৰ বৈশিষ্ট্য আৰু পুনৰুদ্ধাৰ, সংখ্যা আৰু বাসস্থান নিৰীক্ষণ, গিবন উদ্ধাৰ আৰু পুনৰসংস্থাপন, গ্ল'বেল পজিচনিং চিষ্টেম (জি পি এছ) আৰু কৰ্মক্ষেত্ৰত ব্যৱহাৰ আৰু বন্যপ্ৰাণী আইন আৰু ইয়াৰ প্ৰয়োগ আদি বিষয়ত আলোচনা কৰা হয় । এই প্ৰশিক্ষণত অংশগ্ৰহণকাৰীসকলে প্ৰাইমেট’লজীৰ মৌলিক নীতিসমূহৰ বিষয়ে জ্ঞান লাভ কৰাৰ লগতে ক্ষেত্ৰভিত্তিক গৱেষণা পদ্ধতি আৰু কৌশলৰো হাতে কামে অভিজ্ঞতা লাভ কৰে।

যোৰহাট বন সংমণ্ডলৰ ডি এফ অ নন্দ কুমাৰে ২৮ মাৰ্চত প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে । উদ্বোধনী অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক আদৰণি জনাই বিষয়া গৰাকীয়ে কয় যে এই ধৰণৰ প্ৰশিক্ষণে বনকৰ্মী সকলক জৈৱ বৈচিত্ৰ্য আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত অধিক সহায় কৰিব । অনুষ্ঠানত মৰিয়নী বনাঞ্চলৰ বনাঞ্চলিক বিষয়া অনিমেশ মেধিও উপস্থিত থাকে । আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী আৰু প্ৰখ্যাত প্ৰাইমেট বিশেষজ্ঞ ড০ দিলীপ ছেত্ৰীয়ে কয়, “হলৌ গিবনৰ প্ৰজাতি, পশ্চিমীয়া হলৌ গিবন (Hoolock Hoolock) উত্তৰ-পূব ভাৰততহে পোৱা যায় । দিবাং–ব্ৰহ্মপুত্ৰ নদী প্ৰণালীৰ দক্ষিণ পাৰৰ উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যতে ইয়াৰ বিচৰণভূমি সীমাবদ্ধ। ড০ ছেত্ৰীয়ে কয় যে দুৰ্ভাগ্যজনকভাৱে বাসস্থানৰ খণ্ডিতকৰণ আৰু চিকাৰে ভাৰতত গিবনৰ প্ৰতি গুৰুতৰ ভাবুকি সৃষ্টি কৰিছে । ইয়াৰ লগতে অসমৰ বন বিভাগৰ ফ্ৰন্টলাইন কৰ্মীসকলকে ধৰি ৰাজ্যখনৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত এই প্ৰজাতিটোৰ বিষয়ে বুনিয়াদী তথ্য আৰু সংৰক্ষণৰ প্ৰতি সজাগতাৰ অভাৱ এই প্ৰজাতিটোৰ সংৰক্ষণৰ ক্ষেত্ৰত আন এক ডাঙৰ বাধা হৈ দেখা দিছে । দক্ষিণ এছিয়া শাখাৰ আই ইউ চি এন এছ এছ চি প্ৰাইমেট বিশেষজ্ঞ গোটৰ উপাধ্যক্ষ ড০ দিলীপ ছেত্ৰীয়ে কৰ্মশালা তদাৰক কৰি বনাঞ্চলত অক্লান্তভাৱে কাম কৰা বন কৰ্মীসকল গিবন সংৰক্ষণ বিষয়ে অৱগত হোৱাটো অতি প্ৰয়োজন আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি গিবন সংৰক্ষণৰ এক পৰিৱেশ সৃষ্টি কৰিবলৈ আমি অসমৰ গিবন সংৰক্ষণৰ বাবে বনৰক্ষী, বনকৰ্মী আৰু বনাঞ্চলিক বিষয়াসকলৰ বাবে এই লানি প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যৱস্থা কৰিছো বুলি অৱগত কৰে । আৰণ্যকৰ প্ৰাইমেট গৱেষণা আৰু সংৰক্ষণ বিভাগৰো মুৰব্বী ড০ ছেত্ৰীয়ে প্ৰশিক্ষাৰ্থী সকলক এই প্ৰশিক্ষণ জৈৱ বৈচিত্ৰ্য আৰু গিবন সংৰক্ষণৰ বিষয়ে জ্ঞান বৃদ্ধিৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় । প্ৰশিক্ষণত সফল ৰূপায়ণত আৰণ্যকৰ মৃদুপৱন ফুকন, অক্ষয় উপাধ্যায়, সীমান্ত মেধি, আৰু প্ৰীতম জ্যোতি গোৰে সমন্বয়কৰ ভূমিকা পালন কৰে ।

***********