বোকাখাতৰ জেষ্ঠ সাংবাদিক বুবুল দত্তলৈ গোলাঘাট প্ৰেছ ক্লাবৰ জীৱন জোৰা সাধনা বঁটা :

বোকাখাতৰ জেষ্ঠ সাংবাদিক বুবুল দত্তলৈ গোলাঘাট প্ৰেছ ক্লাবৰ জীৱন জোৰা সাধনা বঁটা  :
Aiidesh Photo
বোকাখাতৰ জেষ্ঠ সাংবাদিক বুবুল দত্তলৈ গোলাঘাট প্ৰেছ ক্লাবৰ জীৱন জোৰা সাধনা বঁটা  :

Aiidesh News  : 23 June - 2024 : 

গোলাঘাট পৌৰসভাৰ প্ৰেক্ষাগৃহত আয়োজিত গোলাঘাট প্রেছ ক্লাবৰ ৰূপালী জয়ন্তীৰ শুভাৰম্ভণি কাৰ্যসূচীৰ এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত আজি বোকাখাতৰ জেষ্ঠ সাংবাদিক বুবুল দত্তলৈ সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয় ৷ সুদীৰ্ঘ দিন শিক্ষকতা আৰু সাংবাদিকতাৰে সমাজলৈ আগবঢ়োৱা সেৱাৰ বাবেই গোলাঘাট প্ৰেছ ক্লাবে বুবুল দত্তলৈ এই সন্মান প্ৰদান কৰে ৷ ১৯৮৩ চনতে আজিৰ বাতৰিত সাংবাদিকতাৰ পাতনি মেলা জেষ্ঠ সাংবাদিক বুবুল দত্ত বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি হোৱাৰ উপৰিও বোকাখাতৰ পৰা প্ৰকাশিত ৰাইজৰ খবৰ ডিজিটেলৰ সম্পাদনা উপদেষ্টাও ৷ জীৱনজোৰা সাধনা বঁটাৰ বাবে আমি এইদেশৰ পৰিয়ালেও জেষ্ঠ সাংবাদিক গৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিলো  ৷

********