বোকাখাতৰ অগ্ৰণী বেচৰকাৰী অনুষ্ঠান 'গ্ৰাছ'ৰ প্ৰতিষ্ঠা দিৱস : গ্ৰাছ ২০২৩ বঁটা প্ৰদান : পৰিৱেশ দিৱস উদযাপন :

বোকাখাতৰ অগ্ৰণী বেচৰকাৰী  অনুষ্ঠান 'গ্ৰাছ'ৰ প্ৰতিষ্ঠা দিৱস  : গ্ৰাছ ২০২৩ বঁটা প্ৰদান : পৰিৱেশ দিৱস উদযাপন :
Aiidesh Photo

Aiides News :  5 June 2023  :

বোকাখাতৰ অগ্ৰনী স্বেচ্ছাসেৱী সংগঠন 'গ্ৰাছ'ৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সোমবাৰৰ দিনা বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত হয় ৷  এই অনুষ্ঠানতে বিশ্ব পৰিৱেশ দিৱস আৰু গ্ৰাছৰ বাৰ্ষিক বঁটা প্ৰদান কাৰ্যসুচীও  অনুষ্ঠিত হয় । অনুষ্ঠানৰ আৰম্ভনীতেই পুৱা চিত্রাংকন প্রতিযোগিতা আৰু সজাগতামূলক শোভাযাত্ৰা অনুষ্ঠিত হয় । পৰৱৰ্তী সময়ত মুকলি সভাৰ প্ৰাক মুহূৰ্তত গ্ৰাছ, বোকাখাতৰ পতাকা উত্তোলন কৰে গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰে । গ্ৰাছৰ সম্পাদক ইন্দ্ৰেশ্বৰ বৰা আৰু সংগঠনটোৰ উপদেষ্টা তথা বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তই আঁত ধৰা মুকলি সভাত বোকাখাত পৌৰসভাৰ ৱাৰ্ড কমিশ্যনাৰ প্ৰাঞ্জল বৰুৱা বন্তি প্ৰজ্বলন কৰাৰ উপৰিও  ৰিজুমনি বৰা হাজৰিকাৰ দলে দিহানাম পৰিৱেশন কৰে । 

উল্লেখ্য যে বিগত ৭ টা বছৰে স্বাস্থ্য, শিক্ষা, ক্রীড়া, অনাময়, পৰিৱেশ সংৰক্ষণ  প্রাকৃতিক দুর্যোগ, দক্ষতা বিকাশ, সজাগতা সভা, শিশু আৰু মহিলাৰ উন্নয়ন আদিত গোলাঘাট জিলাখনৰ বিভিন্ন অঞ্চলত সংগঠনটোয়ে কাম কৰি আহিছে । ইয়াৰ উপৰিও সংগঠনটোৱে বিভিন্ন দিশত নিৰলস কাম কৰি অহা ব্যক্তি সকলক উৎসাহিত কৰিবৰ বাবে প্ৰতি বছৰেই 'গ্ৰাছ বঁটা' প্ৰদান কৰি আহিছে । 'সাংবাদিক, সংগঠক প্ৰদ্যুত মহন্তৰ সোঁৱৰণী মঞ্চ'ত অনুষ্ঠিত সোমবাৰৰ এই অনুষ্ঠানৰ আৰম্ভণিতে গ্ৰাছৰ শীৰ্ষ গীত পৰিৱেশন কৰে বিশিষ্ট সংগীত শিল্পী তথা বোকাখাতৰ শিল্পী সমাজৰ সভাপতি বিজয় শৰ্মাই । মুকলি সভাত গ্ৰাছৰ মুখপত্ৰ উন্মোচন কৰে  বিশিষ্ট পৰিৱেশ কৰ্মী তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে । প্ৰতি বছৰে প্ৰদান কৰি অহাৰ দৰে এই বৰ্ষত গ্ৰাছ বঁটা-২০২৩ সোমবাৰৰ অনুষ্ঠানতে প্ৰদান কৰা হয় । এই বঁটাৰ অন্যতম ধনিল বৰঠাকুৰ সোঁৱৰণী 'গ্ৰাছ গ্ৰীণ এৱাৰ্ড' পৰিৱেশ কৰ্মী তথা সাংবাদিক গোলাঘাটৰ বিকাশ শৰ্মালৈ, নুমলী হাজৰিকা সোঁৱৰণী 'গ্ৰাছ ৱমেন এৱাৰ্ড' মহিলা সৱলীকৰণৰ লগত জড়িত হৈ থকা বোকাখাতৰ গীতাঞ্জলি শ‍ইকীয়াক, কমলেশ্বৰ বৰা সোঁৱৰণী 'গ্ৰাছ ফাৰ্মাৰ এৱাড' কুৰুৱাবাহীৰ আদর্শ কৃষক পাপুমণি হাজৰিকালৈ আৰু স্বচ্ছ আৰু পৰিৱেশৰ বাবে থানেশ্বৰ ভূঞা সোঁৱৰণী 'গ্ৰাছ নিৰ্মল সেউজ বঁটা' মহুৰামুখৰ লোকপ্ৰিয় প্রাথমিক বিদ্যালয়লৈ প্ৰদান কৰা হয় । 

অনুষ্ঠানত বঁটা প্ৰাপক সকলৰ উপৰিও সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈয়েও  শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে । অনুষ্ঠানত স্থানীয় শিল্পীসকলৰদ্বাৰা সমবেত সংগীত পৰিৱেশন কৰা হয় । পুৱাৰ ভাগত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত স্থান প্ৰাপক কৰকো অনুষ্ঠানত পুৰষ্কাৰ প্ৰদান কৰা হয় ।

**********