কৰোণা সংক্ৰমণৰ মাজতে গোলাঘাটত অভিনৱ প্ৰতিবাদ

 

কৰোণা সংক্ৰমণৰ মাজতে গোলাঘাটত অভিনৱ প্ৰতিবাদ। ভূপেন দাৰ গীতৰ কলি আওৰাই অখিল গগৈক মুক্তিৰ দাবী। বুধবাৰে  গোলাঘাটৰ  উপায়ুক্ত কাৰ্যালয়ৰ সমীপত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ন কৰে  এই প্ৰতিবাদ। গোলাঘাটৰ তিনিখন মহাবিদ্যালয়ৰ সাংস্কৃতিক প্ৰতিনিধি আৰু সংগঠন দুটাৰ সদস্যই সাব্যস্ত কৰে এই প্ৰতিবাদ। কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ নেতাক কাৰাৰুদ্ধ কৰি 'কা বিৰোধী আন্দোলন স্তিমিত কৰিব নোৱাৰিব বুলি সকীয়নী প্ৰদান কৰে এই প্ৰতিবাদ স্থলীৰ পৰাই।বৰঞ্চ  সাত মাহ কাৰাৰুদ্ধ হোৱাৰ পাছত নেতা সকলৰ মনোবল দৃঢ়হে হ'ল বুলি মন্তব্য কৰে।