কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ উদ্যোগত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত বিশ্ব হস্তী দিৱস উদযাপন :
Aiidesh News : 12 August - 2025 :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত, বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয় আৰু বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ সহযোগত আজি সমগ্ৰ বিশ্বৰ লগতে কাজিৰঙাৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত বিশ্ব হস্তী দিৱস উদযাপন কৰা হয় ৷ বিশ্ব হস্তী দিৱসৰ লগত সংগতি ৰাখি আজিৰ অনুষ্ঠানত জে ডি এছ জি মহাবিদ্যালয়ৰ ৫০ গৰাকী ছাত্ৰীয়ে বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ চৌহদত কেন্দ্ৰটোত চিকিৎসাধীন তৃৰ্ণভোজী বন্যপ্ৰাণীৰ খাদ্যৰ যোগান হোৱাকৈ জৈৱিক ভাৱে প্ৰস্তুত নেপিয়াৰ ঘাঁহ আৰু বিভিন্ন বৃক্ষ ৰোপন কৰে ৷ পৰৱৰ্তী সময়ত এই জৈৱিক ঘাঁহ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰই চিকিৎসাধীন তৃৰ্ণভোজী প্ৰাণীৰ পথ্য হিচাবে ব্যৱহাৰ কৰিব বুলি জানিব পৰা গৈছে ৷
কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালকৰ কাৰ্যালয়ৰ অধীক্ষক গীতাঞ্জলি কলিতাই আঁত ধৰা বিশ্ব হস্তী দিৱসৰ আজিৰ এই অনুষ্ঠানত কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষ, জি ডে এছ জি মহাবিদ্যালয়ৰ অধ্যাপক ড৹ বিজয় শৰ্মা, বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পৰিচালক, জেষ্ঠ পশু চিকিৎসক ডা৹ ভাস্কৰ চৌধুৰী, পৰিবেশ মিত্ৰ উত্তম শইকীয়া , সহকাৰী বন সংৰক্ষকদ্বয় ক্ৰমে জয়ন্ত দাস আৰু বুবুল বৰুৱা, বিভাগীয় পশু চিকিৎসক ডা৹ সৌৰভ বৰগোহাঁইৰ উপৰিও জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰী সকল উপস্থিত থাকে ৷ অনুষ্ঠানত ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষে দিয়া ভাষণ প্ৰসংগত ছাত্ৰ ছাত্ৰ সকলে ৰোপন কৰা ঘাঁহ বন্যপ্ৰাণীৰ বাবে নহয় কেৱল চিকিৎসাধীন প্ৰাণীৰ পথ্য হিচাবেহে ব্যৱহাৰ কৰা হ’ব বুলি মন্তব্য কৰে ৷ হস্তী দিৱসৰ দিনা হস্তী সংৰক্ষণৰ বাবে ছাত্ৰ ছাত্ৰী সকলৰ কৰণীয় কৰ্ম আঁচনিৰ উপৰিও হাতীৰ খাদ্য সম্পৰ্কত ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা সৃষ্টি আৰু জ্ঞানৰ বাবে আজি হাতীৰ খাদ্য হোৱা কেতবোৰ বৃক্ষও ৰোপণ কৰা হয় বুলি মন্তব্য কৰে ৷ পৰিবেশ মিত্ৰ উত্তম শইকীয়াই বন্যপ্ৰাণীক মানুহৰ ওপৰত নিৰ্ভৰশীল হোৱাকৈ কোনোধৰণৰ কাৰ্য নকৰিবলৈ ছাত্ৰ ছাত্ৰীক আহ্বান জনায় ৷ ডা৹ ভাস্কৰ চৌধুৰীয়ে বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত হাতীৰ প্ৰতিপালন আৰু হাতীৰ আচৰণৰ বৰ্ণনা কৰাৰ উপৰিও ড৹ বিজয় শৰ্মাই বন্যপ্ৰানী সংৰক্ষণৰ বাবে সেৱা আগবঢ়াবলৈ ছাত্ৰ ছাত্ৰীক সুবিধা প্ৰদান কৰাৰ বাবে সঞ্চালক ড৹ সোনালী ঘোষৰ লগতে কাজিৰঙাৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে ৷
**********