বোকাখাতত শিক্ষক সন্থাৰ সহযোগত মহকুমা প্ৰশাসনৰ দ্বাৰা শিক্ষক দিৱস উদযাপন : ১০ গৰাকী জেষ্ঠ শিক্ষকক সম্বৰ্ধনা : স্থানীয় জে ডি এছ জি মহাবিদ্যালয়ত একাধিক প্ৰাচীৰ পত্ৰিকাৰ উন্মোচন :

বোকাখাতত শিক্ষক সন্থাৰ সহযোগত মহকুমা প্ৰশাসনৰ দ্বাৰা শিক্ষক দিৱস উদযাপন  : ১০ গৰাকী জেষ্ঠ শিক্ষকক সম্বৰ্ধনা  : স্থানীয় জে ডি এছ জি মহাবিদ্যালয়ত একাধিক প্ৰাচীৰ পত্ৰিকাৰ উন্মোচন  :
Aiidesh Photo

Aiidesh News  : 5 September 2023 :

সমগ্ৰ দেশৰ লগতে বোকাখাত মহকুমা প্ৰশাসন , গোলাঘাট পশ্চিম শিক্ষা খণ্ড , বোকাখাত আৰু প্ৰাথমিক শিক্ষক সন্মিলনী , এম ই আৰু এম ভি শিক্ষক সংস্থাৰ সহযোগত বোকাখাততো ৬২ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয় । মহকুমা প্ৰশাসনৰ উদ্যোগত মহকুমাধিপতিৰ কাৰ্যলয়ৰ প্ৰক্ষাগৃহত আয়োজিত শিক্ষক দিৱসৰ কাৰ্যসুচীত বোকাখাতৰ মহকুমাধিপতি চিমি কৰণৰ উপৰিও শিক্ষক সন্থাৰ বিষয় ববীয়াও উপস্থিত থাকে ৷ অনুষ্ঠানৰ আৰম্ভনীতেই বন্তি প্ৰজ্বলন কৰি ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে মহকুমাধিপতি চিমি কৰণে ৷ অনুষ্ঠানত বোকাখাত মহকুমাৰ বোকাখাত মহকুমা প্রশাসন, খণ্ড প্রাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়, বোকাখাতৰ উদ্যোগত বোকাখাত মহকুমাৰ যুগল আটী প্রাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্রধান শিক্ষক মহেশ্বৰ বৰা, কৈলাখাত মূড়াচুক প্রাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্রধান শিক্ষক কনক দলে, চ’গুৰি চাপৰি প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্রধান শিক্ষক ভক্ত বাহাদুৰ ছেত্রী, ১৫ নং মহুৰা বৰপথাৰ প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্রধান শিক্ষক দুর্লভ শ‍ইকীয়া, ১ নং লিকচন প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী প্রাঞ্জিমা গগৈ, যোগনীয়া দেওদিয়া প্রাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্রধান শিক্ষক চন্দ্ৰ কান্ত দাস, মেথনি চাহ বাগিছা প্রাথমিক বিদ্যালয়ৰ ভাৰপ্রাপ্ত প্রধান শিক্ষয়িত্রী সুশিলা ভূমিজ, বিহৰা বজাৰ প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্রধান শিক্ষয়িত্ৰী ববিতা গগৈ, দেওপাহাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সহঃ শিক্ষয়িত্ৰী পূষ্পাঞ্জলী শ‍ইকীয়া আৰু কৈলাখাত মধ্য ইংৰাজী বিদ্যালয়ৰ প্রধান শিক্ষক মহেন্দ্ৰ বৰাক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ সেৱাৰ বাবে মানপত্ৰ, চেলং চাদৰ আৰু সফুঁৰাৰে সম্বৰ্ধনা জনোৱা হয় ৷

ইফালে বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়তো শিক্ষক দিৱসৰ লগত সংগতি ৰাখি  বিভিন্ন বিভাগৰ ৯ খন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয় । মহাবিদ্যালয় খনৰ শিক্ষাতত্ব বিভাগৰ প্ৰাচীৰ পত্ৰিকা "প্ৰজ্ঞা" উন্মোচন কৰে বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি তথা জেষ্ঠ সাংবাদিক ভবানন্দ কলিতাই । ইয়াৰ উপৰিও ৰাজনীতি বিজ্ঞান বিভাগৰ পলিটিকা অসমীয়া বিভাগৰ আধাৰ আৰু সৃজনকে ধৰি বাকী প্ৰচীৰ পত্ৰিকা  মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈ আৰু উপস্থিত বিশিষ্ট লোকসকলে উন্মোচন কৰে ৷ শিক্ষক দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ডঃ ৰুবী বৰাই । অনুষ্ঠানত মহাবিদ্যলয়ৰ গ্ৰন্থাগাৰিক শ্ৰীমন্ত মাধৱ বৰা, জেষ্ঠ অধ্যাপক চন্দ্ৰকান্ত দাস ,শিক্ষাতত্ব বিভাগৰ মূৰব্বী অধ্যাপিকা ৰুলী খনিকৰ, সহযোগী অধ্যাপিকা মঞ্জুমনি নেওগ আৰু প্ৰনতি তালুকদাৰ উপস্থিত থাকি বক্তব্য আগবঢ়ায় ৷

********