বোকাখাতৰ পানবাৰীত অমৃত সৰোৱৰৰ লগতে নুমলীগড় শোধনাগাৰৰ সহযোগত নিৰ্মান হ'ব লগা সমন্বিত কৃষি প্ৰকল্পৰ শীত তাপ নিয়ন্ত্ৰিত ভঁড়ালৰ উদ্বোধন মন্ত্ৰী অতুল বৰাৰ :

বোকাখাতৰ পানবাৰীত অমৃত সৰোৱৰৰ লগতে নুমলীগড় শোধনাগাৰৰ সহযোগত নিৰ্মান হ'ব লগা সমন্বিত কৃষি প্ৰকল্পৰ শীত তাপ নিয়ন্ত্ৰিত ভঁড়ালৰ উদ্বোধন মন্ত্ৰী অতুল বৰাৰ  :
Aiidesh photo

Aiidesh News : 18th September  :

বোকাখাতৰ পানবাৰীত থকা কৃষি বিভাগৰ স্থাপন ক্ষেত্ৰ অধ্যয়ন কেন্দ্ৰত আজি আয়োজিত এক বিশেষ অনুষ্ঠানত নুমলীগড় শোধনাগাৰৰ সহযোগত অসম চৰকাৰে স্থাপন কৰিবলৈ লোৱা সমন্বিত কৃষি প্ৰকল্পৰ বাবে স্থাপন হ'ব লগা ৮ টা সৌৰচালিত শীততাপ নিয়ন্ত্ৰিত ভঁড়ালৰ ২ টা ভঁড়াল মুকলি কৰা হয় ৷ ১০ মেট্ৰিকটন ক্ষমতা সম্পন্ন এই শীততাপ নিয়ন্ত্ৰিত ভঁড়াল আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে কৃষি মন্ত্ৰী অতুল বৰা আৰু নুমলীগড় শোধনাগাৰৰ পৰিচলন সঞ্চালক ভাস্কৰজ্যোতি ফুকনে ৷ পানবাৰীত নুমলীগড় শোধনাগাৰৰ সহযোগত হাতত লোৱা এই সমন্বিত কৃষি প্ৰকল্পত অসম চৰকাৰৰ কৃষি পশুপালন,  মীন,   বন বিভাগ আৰু গ্ৰামেন্নয়ন বিভাগে আঁচনি ৰূপায়ণত সহায় কৰিব ৷ আজিৰ এই বিশেষ অনুষ্ঠানত গোলাঘাটৰ উপায়ুক্ত পি উদয় প্ৰবীন  , নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক কাজল শইকীয়া, মহা প্ৰৱন্ধক মিন্টু সন্দিকৈ, গোলাঘাট জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ধীৰাজ দাস, বোকাখাতৰ মহকুমাধিপতি ডা৹ নেহা যাদৱ , পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈ, পশু পালন বিভাগৰ জিলা বিষয়া সেৱাব্ৰত চৌধুৰী , জিলা গ্ৰামোন্নয় প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া অবিনাশ শইকীয়া,  জিলা মীন বিষয়াৰ উপৰিও সকলো বিভাগৰে উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে ৷

এই অনুষ্ঠানৰ লগতে পানবাৰীতে প্ৰধানমন্ত্ৰীৰ অভিলাষা আঁচনিৰ অমৃত সৰোৱৰ খনন কাৰ্যৰো শুভৰাম্ভ কৰে কৃষি মন্ত্ৰী অতুল বৰাই ৷ আজি ৰাজ্য খনৰ বিভিন্ন স্থানত খান্দিব লগা ২২২৫ টা অমৃত সৰোৱৰৰ এটা বোকাখাতৰ পানবাৰী ক্ষেত্ৰ অধ্যয়ন কেন্দ্ৰৰ ১ হেক্টৰ ভূমিত এই অভিলাষী সৰোবৰ স্থাপন কৰা হ'ব ৷  আজি কৃষিমন্ত্ৰী অতুল বৰাই এই অমৃত সৰোবৰৰ কামৰো শুভাৰম্ভ কৰে । এই অমৃত সৰোবৰ লগতে লগতে উদ্যান শস্য, বনৌষধি উদ্ভিদ,  মীন পালন , গাহৰী, গৰুৰ পালন আদিৰে সমন্বিত কৃষি প্ৰকল্প ৰূপায়ণ কৰা হ'ব বুলি ঘোষণা কৰে কৃষি মন্ত্ৰী অতুল বৰাই । এই প্ৰকল্পৰ দ্বাৰা বোকাখাত সমষ্টিৰ কৃষক সকল বহু পৰিমানে লাভবান হ'ব বুলিও আশা মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ।

এই অনুষ্ঠানৰ অন্তত মন্ত্ৰী অতুল বৰাই প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত বোকাখাতৰ সাপজুৰি বঙালীগাঁৱৰ হিতাধিকাৰী কৃষ্ণ তাঁতী আৰু শ্তিলকা ভূমিজৰ আৱাস নিৰ্মাণকাৰ্যৰো শুভ  উদ্বোধন কৰে ।

*********