১১ ঘণ্টাত একেৰাহে ১০১ কিলোমিটাৰ দৌৰি অসম বুক অৱ ৰেকৰ্ডচত নাম অন্তৰ্ভুক্তি ৰঙামাটিৰ যুৱক ৰাজ ৰবিদাস আৰু মুনীন্দ্ৰ দাসৰ :

১১ ঘণ্টাত  একেৰাহে ১০১ কিলোমিটাৰ দৌৰি অসম বুক অৱ ৰেকৰ্ডচত নাম অন্তৰ্ভুক্তি ৰঙামাটিৰ যুৱক ৰাজ ৰবিদাস আৰু মুনীন্দ্ৰ দাসৰ :
Aiidesh Photo

Aiidesh News  : 10 March 2024 : 

গোলাঘাট জিলাৰ ৰঙামাটি মৌজাৰ দুই যুৱক ৰাজ ৰবিদাস আৰু মুনীন্দ্ৰ দাসে অলপতে  ১১ ঘণ্টাত একেৰাহে ১০১ কিলোমিটাৰ দৌৰি অসম বুক অৱ ৰেকৰ্ডচত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে । যুৱক দুজনে নিজ জন্মস্থান ৰঙামাটিৰ পৰা মাৰাথন দৌৰ আৰম্ভ কৰি কাজিৰঙালৈ আৰু পুনৰ কাজিৰঙাৰ পৰা নুমলীগড়লৈ  একেৰাহে দৌৰি সৰ্বমুঠ ১০১ কি:মি: দূৰত্ব অতিক্ৰম কৰে । এই মাৰাথন দৌৰৰ সময়ত অসম বুক অব ৰেকৰ্ডছৰ সভাপতি পদুম দাস আৰু সাধাৰণ সম্পাদক ৰেব হাজৰিকা উপস্থিত থাকি দৌৰ কাৰ্যসূচী পৰ্যবেক্ষণ কৰে আৰু শেষত মানপত্ৰ, গামোচা, স্মাৰক আদিৰে দুয়োৰে সফলতাত  সম্বৰ্ধনা জনায় । ৰাজ ৰবিদাস বৰ্তমান দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ আৰু মুনীন্দ্ৰ দাস দেৰগাঁৱৰ কমল দুৱৰা মহাবিদ্যালয়ৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ । দুয়োজনৰে এই ৰেকৰ্ডমূলক মাৰাথন যাত্ৰাত গোলাঘাট জিলাৰ আয়ুক্ত, জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু স্থানীয় সমাজ সচেতন ব্যক্তিসকলেও সহায়-সহযোগিতা আগবঢ়ায় ।

*********