ভাৰতত পশুচিকিৎসাৰ বাবে কিটোপ্ৰফেন আৰু এচিক্লোফেনাকৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ সিধান্ত কেন্দ্ৰীয় চৰকাৰৰ :

ভাৰতত পশুচিকিৎসাৰ বাবে কিটোপ্ৰফেন আৰু এচিক্লোফেনাকৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ সিধান্ত কেন্দ্ৰীয় চৰকাৰৰ  :
Aiidesh Photo

ভাৰতত পশুচিকিৎসাৰ বাবে কিটোপ্ৰফেন আৰু এচিক্লোফেনাকৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ সিধান্ত কেন্দ্ৰীয় চৰকাৰৰ  :

Aiidesh News  : 3 August 2023  :

বন্যপ্ৰাণীৰ সুৰক্ষা আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভাৰতত পশু চিকিৎসাত ব্যৱহৃত  কিটোপ্ৰফেন আৰু এচিক্লোফেনাকৰ উৎপাদন, বিপনন, বিতৰণ আৰু ইয়াৰ প্ৰস্তুতকৰণ নিষিদ্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰণ মানক সংস্থা (চিডিচিএছঅ')ৰ অধীনৰ ড্ৰাগছ টেকনিকেল এডভাইজৰী ব'ৰ্ডৰ অলপতে অনুষ্ঠিত ৮৯ সংখ্যক বৈঠকত এই সিদ্ধান্ত গ্ৰহন কৰি দেশত প্ৰযোজ্য কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ মতে উল্লেখিত দুয়োটা ঔষধেই গৰুৰ বাবে ক্ষতিকাৰক আৰু এনে গৰুৰ মৃতদেহ শগুনবোৰে ভক্ষন কৰিলে মৃত্যু মুখত পৰাৰ  উপৰিও পাৰিপাৰ্শ্বিক আৰু জৈৱতন্ত্ৰৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে ৷ বিগত সময়ত কিটোপ্ৰফেন আৰু এচিক্লোফেনাকৰ ওপৰত চলোৱা অধ্যয়নত এই কথা পোহৰলৈ আহিছে ৷ ইয়াৰ পশু চিকিৎসাত ব্যৱহাৰ হোৱা ডাইক্লোফেনাক ঔষধো এই কাৰণতে নিষিদ্ধ কৰা হৈছিল ৷ এই ঔষধবোৰ মাংসহাৰী শগুনৰ বাবে অতি ভয়ংকৰ হ'ব পাৰে বুলি প্ৰমানিত হৈছে ৷

ভাৰত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে আগতেই  কিটোপ্ৰফেন ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা কাৰ্যকৰী কৰি দেশত ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰিছিল ৷ বিশেষজ্ঞসকলৰ মতে পশু চিকিৎসাত ব্যৱহৃত এচিক্লোফেনাক অতি সোনকালে ডাইক্লোফেনাকলৈ ৰূপান্তৰিত হয় আৰু কিটোপ্ৰফেনাকে  জিপচী শগুনৰ বাবে অতি বিষাক্ত বুলি প্ৰমাণিত হৈছে ৷

এচিক্লোফেনাক আৰু কিটোপ্ৰফেনাক নিষিদ্ধ কৰাৰ সিধান্তৰ পুৰ্বে ইয়াৰ পূৰ্বে, স্বাস্থ্য মন্ত্ৰালয়ে এই সিধান্তৰ ওপৰত পশুপালন আৰু দুগ্ধ বিভাগ আৰু কৃষি মন্ত্ৰালয়ৰ পৰা মতামত বিচাৰিছিল। পশুপালন আৰু দুগ্ধ বিভাগৰ অধীনত পৰিচালনা কৰা ড্ৰাগছ টেকনিকেল এডভাইজৰী ব'ৰ্ডৰ ৮৯ সংখ্যক বৈঠকত সেইবাবেই এই বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰাৰ পিছত, পশুপালন আৰু দুগ্ধ বিভাগে কিটোপ্ৰফেন আৰু এচিক্লোফেনাকৰ উৎপাদন, বিক্ৰী আৰু বিতৰণ, লগতে পশু চিকিৎসাত ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ সিধান্ত গ্ৰহন কৰে ৷

এতিয়া পশু চিকিৎসাত কিটোপ্ৰফেন আৰু এচিক্লোফেনাক ডাইক্লোফেনাকৰ দৰেই বিষাক্ত আৰু ই বিৰল প্ৰজাতিৰ শগুনৰ মৃত্যু ঘটাব পাৰে বুলি প্ৰমানিত হোৱাৰ বাবেই চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে ইতিমধ্যে কিটোপ্ৰফেন আৰু এচিক্লোফেনাকৰ ব্যৱহাৰ বাংলাদেশত নিষিদ্ধ কৰিছে । ড্ৰাগছ টেকনিকেল এডভাইজৰী ব'ৰ্ডৰ সিধান্তৰ পিচত এতিয়া ভাৰততো পশু চিকিৎসাত  ডাইক্লোফেনাকৰ পিচতেই কিটোপ্ৰফেন আৰু এচিক্লোফেনাক নিষিদ্ধ হ'ব ৷

******