কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বোকাখাতৰ দুখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ইন্টাৰ্ণচিপ কাৰ্যসুচীৰ সামৰণী : সমাৱৰ্তন সমাৰোহত মানপত্ৰ প্ৰদান :

Aiidesh News : 8 August - 2025  : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ তত্বাৱধানত বোকাখাতৰ যোগানন্দ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয় আৰু চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কৰা ইন্টাৰ্ণচিপ কাৰ্যৱলীৰ ৭ আগষ্টত সামৰণী পৰে ৷ এই উপলক্ষে বোকাখাতত থকা কাজিৰঙাৰ সঞ্চালকৰ সভাগৃহত অনুষ্ঠিত সমাৱৰ্তন সমাৰোহত ইন্টাৰ্ণচিপ সম্পুৰ্ণ কৰা ছাত্ৰ ছাত্ৰীক উদ্যান কৰ্তৃপক্ষই মানপত্ৰ প্ৰদান কৰে ৷ অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক সোনালী ঘোষ, বন সংমণ্ডল বিষয়া অৰুণ বিঘ্নেশ, যোগানন্দ দেৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈ, চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সুৰজিত দত্ত, সহকাৰী বন সংৰক্ষক বুবুল বৰুৱা, অধ্যাপক প্ৰশান্ত শইকীয়া, বিদ্যুত শইকীয়া, আৰু পৰিৱেশ মিত্ৰ উত্তম শইকীয়া উপস্থিত থাকে ৷ কাজিৰঙাৰ সঞ্চালকৰ কাৰ্যালয়ৰ অধীক্ষক ইন্টাৰ্ণচিপ কাৰ্যসুচীৰ অন্যতম সমন্বয়ক গীতাঞ্জলি কলিতাই আঁত ধৰা এই অনুষ্ঠানত ইন্টাৰ্ণচিপ সম্পুৰ্ণ কৰা দুয়োখন মহাবিদ্যালয়ৰ মুঠ ৪৩ গৰাকী ছাত্ৰ ছাত্ৰীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত মানপত্ৰ প্ৰদান কৰে ৷ অনুষ্ঠানত উপস্থিত অতিথি সকলৰ উপৰিও ছাত্ৰ ছাত্ৰী সকলে কাজিৰঙাত কৰা ইন্টাৰ্ণচিপ কাৰ্যসুচীত লাভ কৰা তেওঁলোকৰ অভিজ্ঞতা ব্যক্ত কৰে ৷ উল্লেখ্য যে ইন্টাৰ্ণচিপৰ নিৰ্দ্ধাৰিত ১২০ দিনীয়া কাৰ্যসুচীত ছাত্ৰ ছাত্ৰী সকলে কাজিৰঙাৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ কাৰ্যাৱলী, অৱসৰী বন বিষয়া, বিভাগীয় পশুচিকিৎসা, কাৰ্যালয়ৰ বিভিন্ন কাৰ্য, প্ৰকৃতি শিৱিৰ , কাষৰীয় গাওঁবোৰত হোৱা বয়ন শিল্পৰ আৰু কেচু সাৰৰ প্ৰশিক্ষণ আদিত পাৰদৰ্শিতাৰে অংশ গ্ৰহন কৰে ৷নিজৰ ভাষনত কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষে ইন্টাৰ্ণচিপ কাৰ্যসুচীৰ বাবে ছাত্ৰ ছাত্ৰী সকলক কাজিৰঙালৈ প্ৰেৰণ কৰাৰ বাবে উল্লেখিত মহাবিদ্যালয় দুয়োখনৰ অধ্যক্ষক ধন্যবাদ জনোৱাৰ উপৰিও সফলতাৰে ইন্টাৰ্ণচিপ সম্পন্ন কৰাৰ বাবে ছাত্ৰ ছাত্ৰী সকলকো অভিনন্দন জ্ঞাপন কৰে ৷

**********