‘ঈৰদা’ৰ উদ্যোগত গোলাঘাটৰ বীৰাঙ্গনা সতী সাধনী বিশ্ববিদ্যালয়ত বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত বিষয়ত বিশেষ আলোচনা :

‘ঈৰদা’ৰ উদ্যোগত গোলাঘাটৰ বীৰাঙ্গনা সতী সাধনী বিশ্ববিদ্যালয়ত বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত বিষয়ত বিশেষ আলোচনা  :
Aiidesh photo

Aiidesh News  : 15 August - 2025 : 

গোলাঘাটৰ বীৰাঙ্গনা সতী সাধনী বিশ্ববিদ্যালয়ত দশম শ্ৰেণী উত্তীৰ্ণ বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ বাবে ৰিহেবিলিটেচন কাউঞ্চিল অৱ ইণ্ডিয়াৰ অনুমোদিত দক্ষতা বিকাশৰ কিছুমান পাঠ্যক্ৰম গ্ৰহণ কৰা সম্পৰ্কত এক বিশেষ বৈঠক ১৪ আগষ্টত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত হয় ৷ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ৰিচাৰ্চ এণ্ড ডেভিলপমেন্ট ফৰ ডিফাৰেণ্টলি এবুল চমুকৈ ‘ঈৰদা’ৰ উদ্যোগত বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য অধ্যাপক জি সিংঘাইয়াৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনাত যোৰহাটৰ প্ৰেৰণা শিশু বিকাশ কেন্দ্ৰৰ অধ্যক্ষ বিশিষ্ট প্ৰতিবন্ধী বিশেষজ্ঞ চাইৰা ৰহমান, তামিলনাডুৰ ৰিহেবিলিটেচন কাউঞ্চিল অৱ ইণ্ডিয়াৰ পাঠ্যক্ৰমৰ বিশেষজ্ঞ ৰূপজ্যোতি বৰা শইকীয়া, বোকাখাতৰ উজনি অসম বিকলাঙ্গ কেন্দ্ৰৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু সম্পাদক উত্তম শইকীয়া, ঈৰদাৰ গৱেষণা বিভাগৰ প্ৰকল্প সঞ্চালক অৰ্ণৱ কুমাৰ বৰ্মন, গৱেষক মিউ এমিৱা ওৱেচিচ, প্ৰকল্প বিজ্ঞানী সিদ্ধাৰ্থ কুমাৰ শাণ্ডিল্য, বিশ্ববিদ্যালয় খনৰ পঞ্জীয়ক ড০ উদয় কুমাৰ খনিকৰ, শৈক্ষিক পঞ্জীয়ক তথা পৰীক্ষা নিয়ন্ত্ৰক ড০ উদয়ন বৰুৱা, তেজপুৰৰ সাৰদা চাৰু শিল্পকলা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰাতুমনি দাস, সাৰদা দাসৰ লগতে ঈৰদা ন্যাসৰ ন্যাসৰক্ষী ড০ ৰমণী বৰ্মন অংশগ্ৰহন কৰে৷ 

আলোচনাত বিশ্ববিদ্যালয় অনুদান আয়োগৰ পাঠ্যক্ৰম আৰু ৰিহেবিলিটেচন কাউঞ্চিল অৱ ইণ্ডিয়াৰ পাঠ্যক্ৰমৰ নীতি নিয়ম তথা তাৰ বাবে প্ৰয়োজনীয় অৰ্হতা সম্পন্ন অধ্যাপক অধ্যাপিকাৰ লগতে অন্যান্য সা-সুবিধা সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয় । অনুষ্ঠানৰ আৰম্ভনীতেই উপাচাৰ্য অধ্যাপক জি সিংঘাইয়া বিশ্ববিদ্যালয় অনুদান আয়োগৰ পাঠ্যক্ৰমৰ নীতি নিৰ্দেশনাৰ ভিত্তিত বীৰাঙ্গনা সতী সাধনী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদ তথা কাৰ্য্যবাহী পৰিষদৰ অনুমোদন সাপেক্ষে নতুন শিক্ষা নীতিৰ আধাৰত আৰু সংহত শিক্ষা নীতিৰ আধাৰত স্নাতক মহলা, স্নাতকোত্তৰ মহলা আৰু গৱেষণা বিভাগৰ পাঠ্যক্ৰমত প্ৰতিবন্ধী ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে । 

এই বোকাখাত থকা উজনি অসম বিকলাংগ কেন্দ্ৰক ৰিহেবিলিটেচন কাউঞ্চিল অৱ ইণ্ডিয়াৰ পাঠ্যক্ৰমৰ বাবে বীৰাঙ্গনা সতী সাধনী বিশ্ববিদ্যালয়ৰ ব্যৱহাৰিক কেন্দ্ৰ হিচাবে ব্যৱহাৰ কৰাৰ বাবে ঈৰদা কৰ্তৃপক্ষৰ লগত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি অনতি পলমে ৰিহেবিলিটেচন কাউঞ্চিল অৱ ইণ্ডিয়াৰ লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অনুমোদনৰ বাবে দাখিল কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ।

উল্লেখ্য যে বীৰাঙ্গনা সতী সাধনী বিশ্ববিদ্যালয়ত ইতিমধ্যেই প্ৰতিবন্ধী ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা অনুমোদিত স্নাতক, স্নাতকোত্তৰ আৰু গৱেষণা পাঠ্যক্ৰম গ্ৰহন কৰা হৈছে যদিও উল্লেখিত আলোচনাত দশম মান শ্ৰেনী উৰ্তীণ আৰু বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ বাবে শৈক্ষিক পাঠ্যক্ৰম প্ৰস্তুতৰ ওপৰত বিশেষভাৱে আলোচনা কৰা হয় ৷

**********