পুৰ্বৰ সকলো ৰেকৰ্ড ভঙ্গ কৰি চলিত পৰ্যটন বৰ্ষত তিনি লক্ষাধিক পৰ্যটকে দৰ্শন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান : সংগৃহীত হয় ৮ কোটি ৮১ লাখৰো অধিক ৰাজহ :

পুৰ্বৰ সকলো ৰেকৰ্ড ভঙ্গ কৰি চলিত পৰ্যটন বৰ্ষত তিনি লক্ষাধিক পৰ্যটকে দৰ্শন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান :  সংগৃহীত হয় ৮ কোটি ৮১ লাখৰো অধিক ৰাজহ  :
Aiidesh Photo
পুৰ্বৰ সকলো ৰেকৰ্ড ভঙ্গ কৰি চলিত পৰ্যটন বৰ্ষত তিনি লক্ষাধিক পৰ্যটকে দৰ্শন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান :  সংগৃহীত হয় ৮ কোটি ৮১ লাখৰো অধিক ৰাজহ  :

Aiidesh News : 3 April - 2024 :  

আজিৰ পৰা ২৮ বছৰৰ আগতে ১৯৯৬-৯৮ পৰ্য্যটন বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ সংখ্যা আছিল ১৮,৩৮২ জন আৰু এই পৰ্যটক সকলৰ পৰা কাজিৰঙাই লাভ কৰিছিল ১৭ লাখ টকা ৷ এই তথ্যৰ সুদীৰ্ঘ ২৮ বছৰৰ সমুহ ৰেকৰ্ড ভঙ্গ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত চলিত বিত্তীয় বৰ্ষত পুৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে ৷ বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ নয়নাভিৰাম দৃশ্য, অতুলনীয় জৈৱ বৈচিত্ৰ দৰ্শৰ বাবে চলিত বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ পৰিসংখ্যাই পূৰ্বৰ সকলোবোৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে বুলি আজি বোকাখাতত থকা সঞ্চালকৰ কাৰ্যলয়ে দিয়া তথ্যত প্ৰকাশ ৷ ২০২৩ - ২৪ বিত্তীয় বৰ্ষত কাজিৰঙালৈ অহা মুঠ পৰ্যটকৰ সংখ্যা ৩,২৭,৪৯৩ গৰাকী বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷ ইয়াৰে মুঠ ৩,১৩,৫৭৪ গৰাকী দেশীয় পৰ্যটক আৰু ১৩,৯১৯ গৰাকী বিদেশী পৰ্যটক ৷ এই পৰ্যটক সকলৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে লাভ কৰে মুঠ ৮,৮১,৮৪,১৬১ টকাৰ পৰিমানৰ ৰাজহ ৷ 

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনিটা বন সংমণ্ডলৰ ভিতৰত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলয়ে মুঠ ৩২,০৯৬১ গৰাকী পৰ্যটকৰ পৰা আৰু ৮,৫৯,৪৮,৩৫১ টকাৰ ৰাজহ,  নগাওঁ বন সংমণ্ডলে ৩,৪৮৪ গৰাকী পৰ্যটকৰ পৰা ৬২,৪০০ টকাৰ ৰাজহ আৰু বিশ্বনাথ বন সংমণ্ডলে ৩,০৪৮ গৰাকী পৰ্যটকৰ পৰা ১৬,১১,৮১০ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ বিগত ২০২২  - ২৩ বিত্তীয় বৰ্ষত কাজিৰঙাই দেশী বিদেশী মুঠ ৩,১৪,৭৯৬ গৰাকী পৰ্যটকৰ পৰা মুঠ ৮,৩৩,৮৫,৪৮৩ টকাৰ ৰাজহ লাভ কৰিছিল ৷ যাৰ পটভুমিত পুৰ্বৰ তুলনাত ২০২৩ - ২৪ বিত্তীয় বৰ্ষত ১২,৬৯৭ জন দেশী বিদেশী পৰ্যটক বৃদ্ধি পোৱাৰ উপৰিও কাজিৰঙাই পুৰ্বতকৈ ৪৭,৯৮,৬৭৮ টকাৰ অধিক ৰাজহ লাভ কৰিবলৈ সক্ষম হয় ৷  

২০২৩ চনৰ অক্টোবৰৰ মাজভাগত বাৰিষাৰ পিচতেই চলিত বিত্তীয় বৰ্ষত বিশ্ব পৰ্যটকৰ বাবে পুনৰ মুকলি হোৱা কাজিৰঙাত পৰ্যটকে পুৰ্বৰ তুলানতকৈ এইবাৰ কাৰ্বি-আংলঙত চাইকেল চলোৱাৰ সুবিধা, পানবাৰী সংৰক্ষিত বনাঞ্চল আৰু বুঢ়াপাহাৰৰ চিৰাঙৰ ট্ৰেকিং পথৰ বিশেষ সুবিধাৰ উপৰিও জনগোষ্ঠীৰ দ্বাৰা পৰিচালিত কাৰ্বি জনগোষ্ঠাৰ খাদ্যৰ  চোৰাণ-আহেম আৰু মিচিং জনগোষ্ঠীৰ দ্বাৰা পৰিচালিত মিচিং খাদ্যৰ অজুন উকুম নামৰ কেন্দ্ৰ, বুঢ়াচাপৰিৰ মহিলা নেতৃত্বাধীন ভোজনালয় বিচাগ-না চ’ পৰম্পৰাগত খাদ্যৰ জুতি লোৱাৰো সুবিধা লাভ কৰিছে বুলি উদ্যান কৰ্তৃপক্ষই অৱগত কৰে ৷ ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ নদীত শিহু দৰ্শনৰ সুবিধাৰ বাবে নৌকা বিহাৰৰ লগতে পানপুৰ আৰু বুঢ়াচাপৰিত জীপ আৰু চাইকেল চাফাৰীও চলিত বিত্তীয় বৰ্ষতে আৰম্ভ কৰা হৈছিল ৷

**************