বোকাখাতৰ পৌৰপতিৰ বিৰুদ্ধে থানাত এজাহাৰ : গৃহ নির্মাণ পৰিষদৰ ভাড়াঘৰ আঁচনিৰ ফ্লেট লাভৰ বাবে ভূৱা তথ্যৰে জালিয়তি আৰু দুৰ্নীতি কৰাৰ অভিযোগ পৌৰপতিৰ বিৰুদ্ধে :

বোকাখাতৰ পৌৰপতিৰ বিৰুদ্ধে  থানাত এজাহাৰ  : গৃহ নির্মাণ পৰিষদৰ ভাড়াঘৰ আঁচনিৰ ফ্লেট লাভৰ বাবে ভূৱা তথ্যৰে জালিয়তি আৰু  দুৰ্নীতি কৰাৰ অভিযোগ পৌৰপতিৰ বিৰুদ্ধে  :
Aiidesh Photo

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদ ভাড়াঘৰ আঁচনিৰ কেলেংকাৰীয়ে জোকাৰিছে বোকাখাত ৷ কেবিনেট মন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাৰ আশাৰ্বাদপুষ্ট একাংশ লোক আৰু বোকাখাত পৌৰসভাৰ পৌৰপতি গৰাকীয়ে নীতি বৰ্হিভুত ভাৱে 'অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদে বোকাখাতত নিৰ্মান কৰা ভাড়াঘৰ আঁচনিৰ ফ্লেট নিজৰ নামত আৱন্তন লোৱাৰ  পিচত বোকাখাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ বিভিন্ন দল সংগঠনে এই কেলেংকাৰীৰ উচিত তদন্তৰো দাবী কৰিছিল ৷ ইয়াৰ পিচতো কেৱল মন্ত্ৰীৰ অনুগামী হোৱাৰ বাবেই এই ঘটনাৰ কোনো তদন্ত নোহোৱাৰ বাবে ২ এপ্ৰিলৰ দিনা বোকাখাতৰ বালিজান আদৰ্শ মিচিং গাওঁৰ যুৱক বিজয় কুটুমে এই কেলেংকাৰীৰ পটভুমিত বোকাখাতৰ পৌৰপতি  ৰত্নেশ্বৰ বৰুৱাৰ বিৰুদ্ধে বোকাখাত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ এই ভাড়াঘৰ আঁচনিৰ কেলেংকাৰীত পৌৰপতি গৰাকীয়ে ক্ষমতা অপব্যৱহাৰ, পক্ষপাতিত্ব, বলপূর্বক আৰু ইচ্ছাকৃতভাৱে চৰকাৰ প্ৰশাসনক বিপথে পৰিচালনা কৰাৰ উপৰিও ভূৱা তথ্য দাখিল কৰি জালিয়তি কৰাৰ বাবে গোচৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱাৰ বিৰুদ্ধে গোচৰ ৰজু কৰি তদন্ত প্ৰক্ৰিয়াৰে উচিত শাস্তি প্ৰদানৰ বাবে আবেদন জনায় ।

বিজয় কুটুমে দাখিল কৰা এজাহাৰৰ মতে বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা এজন প্ৰথম শ্ৰেণীৰ নাগৰিক হৈ  নিজৰ নামত ঘৰ, মাটি থকা স্বত্বেও জালিয়তি কৰি প্ৰৱঞ্চনামূলক অসৎ উপায়েৰে নিজৰ পৰিয়ালৰ সদস্যৰ নামত অসম গৃহ নির্মাণ পৰিষদৰ অধীনসত বোকাখাত নগৰত নিৰ্মান কৰা ভাড়াঘৰ আঁচনিৰ দুটাকৈ ফ্লেটৰ আৱন্তন লয় ৷ প্ৰাপ্য লোকক বঞ্চিত কৰি পৌৰপতি গৰাকীয়ে বোকাখাত ন্যায়িক দণ্ডাধীশৰ আদালতত অতি চতুৰালী আৰু ভুৱা তথ্যৰ আশ্ৰয় লৈ বোকাখাত গৌৰসভা এলেকাত ঘৰ-মাটি নাই বুলি ভুৱা শপতনামা দাখিল কৰি পত্নী আৰু পুত্ৰৰ নামত দুটাকৈ স্লেট হস্তগত কৰিছে ৷ বোকাখাত পৌৰসভা এলেকাত পৌৰপতিৰ নামত ঘৰ মাটি থকাৰ পিচতো  পৌৰপতি কাৰ্যালয়ৰ দুজন কনিষ্ঠ অভিযন্তা আৰু চেনিটেৰী পৰিদৰ্শকে পৌৰপতিৰ গেৰন্টৰ হিচাবে 'অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ ভাড়াঘৰ আঁচনিৰ পপত্ৰত স্বাক্ষৰ প্ৰদান কৰা বুলি বিজয় কুটুমে এজাহাৰত উল্লেখ কৰিছে ৷ একদৰে পৌৰপতি গৰাকীয়ে ৰাজীৱ গগৈ নামৰ কাৰ্যালয় সহায়ক গৰাকীকো একে পন্থাৰে ভাডা়াঘৰ আঁচনিৰ ফ্লেট দিয়াই ৷ নীতিবৰ্হিভুত আৰু ভূৱা তথ্যৰে লাভ কৰা ভাড়াঘৰৰ এই ফ্লেট সমুহ অন্য লোকক ভাড়াত দি সংগোপনে এক ৰমৰমীয়া ব্যৱসায় চলাই আছে বুলি বিজয় কুটুমে উল্লেখ কৰিছে ।

বোকাখাত নগৰত অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদে নিৰ্মান কৰা মুঠ ৩২ টা ফ্লেটৰ ভিতৰত ২৮ টা ফ্লেট ভুল তথ্য দাখিল কৰি আৱন্তন দিয়া হৈছে বুলি বিজয় কুটুমে দাখিল কৰা এজাহাৰত উল্লেখ কৰিছে ৷ বোকাখাতত হোৱা ভাড়াঘৰ আঁচনিৰ ফ্লেট আৱন্তনত হোৱা এই কেলেংকাৰীত পৌৰপতিৰ উপৰিও ভালেসংখ্যক চৰকাৰী বিষয়া কৰ্মচাৰী জড়িত হৈ আছে ৷ যাৰ বাবে দূৰ দুৰণিৰ পৰা চাকৰি কৰিবলৈ নিতৌ বোকাখাতলৈ অহা বহু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ভাড়াঘৰ আঁচনিৰ পৰা পাব লগা সুবিধাৰ পৰা বঞ্চিত হ'ব লগা হৈছে ৷ ইফালে অভিযুক্ত সকলক নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে নিৰাপত্তা প্ৰদান কৰাৰো অভিযোগ উঠিছে ৷ বিজয় কুটুমৰ এজাহাৰৰ পিচত বোকাখাত থানাই কি ব্যৱস্থা লয় সি হ’ব লক্ষনীয় ৷ কাৰ্যত কলংকিত হ'ব নেকি বোকাখাতৰ পৌৰপতিৰ সন্মানীয় আসনখন ৷ 

********