ভাৰতৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংস্থাপনৰ বাবে অনা নৱমটো চিতাবাঘৰ মৃত্যু : দেশ জুৰি চাঞ্চল্য :

ভাৰতৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংস্থাপনৰ বাবে অনা নৱমটো চিতাবাঘৰ  মৃত্যু : দেশ জুৰি চাঞ্চল্য  :

 

ভাৰতৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংস্থাপনৰ বাবে অনা নৱমটো চিতাবাঘৰ  মৃত্যু : দেশ জুৰি চাঞ্চল্য  : 

Aiidesh News : 3 August 2023 :

২ আগষ্টৰ ৰাতিপুৱা কুনো ৰাষ্ট্ৰীয় উদ্যানত আন এটা চিতাবাঘৰ মৃত্যু হয় ৷ যাৰ ফলত কুনো ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংস্থাপনৰ বাবে আফ্ৰিকাৰ পৰা অনা চিতাবাঘৰ মৃত্যুৰ সংখ্যা বিগত পাঁচটা মাহত ন টা বাঘলৈ বৃদ্ধি পাইছে । 

২ আগষ্টৰ পুৱা ধাত্ৰী নামৰ চিতাবাঘিনী জনী উদ্যানখনত মৃত অৱস্থাত উদ্ধাৰ হয় ৷ উদ্যান কৰ্তৃপক্ষই বাঘিনীজনীৰ মৃত্যুৰ কাৰণ জানিবৰ বাবে মৰণোত্তৰ পৰীক্ষা কৰে যদিও মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ সম্প্ৰতি কুনো ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংস্থাপনৰ বাবে অনা ৭ টা মতা চিতাবাঘ , ৬ জনী মাইকী বাঘিনী আৰু ১ জনী মাইকী পোৱালী বাঘকলৈ মুঠ ১৪ টা চিতাবাঘক তীক্ষ্ণ নিৰীক্ষণৰ মাজত বুমা নিৰ্মান কৰি ৰখা হৈছে ৷ নামিবিয়া আৰু দক্ষিন আফ্ৰিকাৰ পৰা পুনৰ সংস্থাপনৰ অভিলাষী প্ৰকল্পৰে ভাৰতলৈ অনা এই চিতা বাঘবোৰক সম্প্ৰতি বন্যপ্ৰাণী পশু চিকিৎসক আৰু নামিবিয়াৰ এজন বিশেষজ্ঞৰ দ্বাৰা নিৰীক্ষণ কৰি থকা হৈছে । কটকতীয়া নিৰাপত্তাৰ মাজতো দুজনী মাইকী চিতাবাঘ মুকলিকৈ ওলাই গৈছিল আৰু তাৰে এজনীক ২ আগষ্টৰ পুৱাতেই মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনতে আৰম্ভ কৰা কেন্দ্ৰৰ এই চিতাবাঘ পুনৰ সংস্থাপন আঁচনিৰ তিনিটা পোৱালীকে ধৰি নটা চিতাবাঘৰ দুৰ্ভাগ্যজনক মৃত্যুয়ে সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

২০২২ চনৰ ছেপ্টেম্বৰত মাহত কুনো ৰাষ্ট্ৰীয় উদ্যানখনলৈ নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা ২০ টা প্ৰাপ্তবয়স্ক চিতাবাঘ পুনৰ সংস্থাপনৰ বাবে অনা হৈছিল ৷ এই সময়চোৱাত কুনো ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংস্থাপিত চিতাবাঘৰ চাৰিটা পোৱালীও জন্ম হৈছিল । শেহতীয়াকৈ যোৱা মাহত ৰাষ্ট্ৰীয় উদ্যান খনত দুটা মতা চিতাবাঘ ক্ৰমে তেজশ আৰু সূৰজৰ মৃত্যুয়ে দেশ বাসীৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ মৰণোত্তৰ পৰীক্ষাৰ পিচত তেজশ নামৰ চিতাবাঘটো মাইকী চিতাবাঘৰ সৈতে হোৱা পাৰস্পৰিক সংঘৰ্ষৰ বাবে মৃত্যু হোৱা বুলি কৃৰ্তৃপক্ষই অৱগত কৰিছিল ৷ 

ৰাষ্ট্ৰীয় উদ্যানখনৰ বাকী ৮ টাকৈ চিতাবাঘৰ মৃত্যু বৃক্কৰ ৰোগ, কাৰ্ডিঅ'-পালমোনাৰী বিফলতা, সঙ্গমৰ প্ৰচেষ্টাৰ সময়ত হোৱা পাৰস্পৰিক যুঁজ আদিব বাবে হোৱা বুলি বিভাগীয় সুত্ৰত প্ৰকাশ । যি নহলেও কুনো ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংস্থাপনৰ বাবে অনা ৯ টাকৈ চিতাবাঘৰ মৃত্যুয়ে ভাৰত চৰকাৰৰ দ্বাৰা ভাৰতত চিতাবাঘ পুনৰসংস্থাপনৰ বাবে হাতত লোৱা অভিলাসী আঁচনিৰ বাবে এতিয়া এক প্ৰত্যাহ্বান হৈ পৰিছে ৷ 

২৫ মে'ত প্ৰতিকুল বতৰৰ বাবে হোৱা  ডিহাইড্ৰেচন"ৰ ফলত দুটা চিতাবাঘৰ পোৱালীৰো মৃত্যু হৈছিল । ইয়াৰ আগতে ৰাষ্ট্ৰীয় উদ্যানখনত ছয়টাকৈ চিতাবাঘৰ মৃত্যুৰ আঁৰত বিশেষ কোনো কাৰণ থাকিব পাৰে বুলি স্বীকাৰ কৰা নাছিল ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই । "কুনোৰত চিতাবাঘৰ মৃত্যুৰ আঁৰত বিভাগীয় কোনো ত্ৰুটি নাই । আনকি তিনিটা চিতাবাঘৰ পোৱালীৰ মৃত্যুৰ ক্ষেত্ৰতো, স্বাৱাভিক মৃত্যু হোৱা বুলিয়েই ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়াই জনায় ৷ তেওঁৰ মতে সাধাৰণতে জন্মৰ পিচত ৯০ শতাংশ চিতাবাঘৰ পোৱালীৰ মৃত্যু হোৱা দেখা যায় ৷ বিশ্বৰ বিভিন্ন বিশেষজ্ঞয়ো এই তথা স্বীকাৰ কৰে বুলিও তেওঁ লগতে কয় ৷

মে' মাহত, দক্ষিণ আফ্ৰিকাৰ বন্যপ্ৰাণী বিশেষজ্ঞ ভিনচেণ্ট ভান ডাৰ মাৰ্ৱে ভাৰতৰ কুনোৰ ৰাষ্ট্ৰীয় উদ্যানত চিতাবাঘৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত চলিত বৰ্ষৰ মে' মাহতেই পুনৰ সংস্থাপিত কৰা চিতাবাঘৰ মৃত্যৰ সম্ভাৱনা ঘোষণা কৰিছিল ৷ পুনৰসংস্থাপন কৰা চিতাবাঘবোৰে নিজৰ বিচৰণ ভুমি চিহ্নিত কৰাৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনত পুৰ্বতেই থকা নাহৰফুটুকী বাঘ আৰু ঢেকীয়াপতীয়া বাঘৰ সৈতে পাৰস্পৰিক যুঁজত লিপ্তহৈ আৰু অধিক মৃত্যুৰ সম্ভাৱনাও ব্যক্ত কৰিছিল ৷

উল্লেখ্য যে ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত নামিবিয়াৰ ৰাজধানী ৱিণ্ডহোকৰ পৰা আঠটা চিতাবাঘ গোৱালিয়ৰলৈ উৰাজাহাজেৰে অনা হৈছিল আৰপ পিচত পুনৰ সংস্থাপনৰ বাবে কুনোৰ ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়া হৈছিল ৷ প্ৰধানমন্ত্ৰী মোডীৰ ৭২ তম জন্মদিনৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় উদ্যানখনত নিৰ্মান কৰা বুমাত  চিতাবাঘ বোৰক মুকলি কৰিদিয়া হৈছিল ৷ এই অনুষ্ঠানত উপস্থিত থাকি নৰেন্দ্ৰ মোডীয়ে নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা অনা চিতাবাঘ বোৰক 'ভাৰতৰ অতিথি' বুলি উল্লেখ কৰি ভাৰতে এই চিতাবাঘ বোৰৰ  প্ৰতিপালনৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় নিৰ্দেশনা অনুসৰণ কৰিবলৈ যথাসাধ্য চেষ্টা কৰিব বুলি মন্তব্য কৰি ভাৰতত চিতাবাঘ পুনৰ সংস্থাপনত সহায় কৰাৰ বাবে নামিবিয়া চৰকাৰক ধন্যবাদো  জনাইছিল ।

********