ৰাজহুৱা স্থানত থু–পিক পেলালে ৰঙাঘৰলৈ

ৰাজহুৱা স্থানত থু–পিক পেলালে ৰঙাঘৰলৈ

তামোল–পাণ বা শিখৰ–গুটখা খাই য’তে ত’তে থু–পিক পেলোৱা অভ্যাস আছে যদি সাৱধান হৈ এই অভ্যাস তৎক্ষণাত ত্যাগ কৰক। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে ৰাজহুৱা স্থানত থু–পিক পেলোৱা লোকসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ বিধান দিছে। দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত কঠোৰ শাস্তিৰ সন্মুখীন হ’ব এনে কাৰ্য কৰা ব্যক্তি। বুধবাৰৰ পৰা কোভিড ১৯ৰ সংক্ৰমণৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ নিৰ্দেশাৱলীত উল্লেখ আছে এই কথা। এই নিৰ্দেশাৱলীত গৃহ মন্ত্ৰণালয়ে ৰাজহুৱা স্থানত মুখত মাস্ক বা ফেচ কভাৰ পিন্ধাটো বাধ্যতামূলক কৰিছে। ৰাজহুৱা স্থানত থু–পিক পেলোৱা কাৰ্যক বিভিন্ন চহৰত পৌৰ নিগমৰ আইনৰ অধীনত অপৰাধ গণ্য কৰা হয় কিন্তু আমাৰ বহু ভাৰতীয় লোকে এতিয়ালৈকে এই নিৰ্দেশক গুৰুত্ব সহকাৰে গ্ৰহণ কৰা নাই।উল্লেখযোগ্য যে অসম তথা আন কেইবাখনো ৰাজ্যই গুটখাৰ বিক্ৰী নিষেধ কৰিছিল যদিও সততে উঠা অভিযোগ এইবোৰ এতিয়াও পেকেজিঙৰ আঁৰ লৈ মুকলিকৈ বিক্ৰী হৈ আছে। শেহতীয়াকৈ কোৰোণা সংক্ৰমণৰ কাৰণে ৰাজ্যসমূহে গুটখাৰ বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰাৰ স্পষ্ট নিৰ্দেশ দিছে।গৃহ মন্ত্ৰণালয়ৰ সংশোধিত গাইডলাইনৰ মতে ৩মে’লৈকে ৰাজহুৱা স্থানত থু–পিক পেলোৱা কাৰ্যক দুৰ্যোগ ব্যৱস্থাপনা আইনৰ ধাৰা ৫১(বি)ৰ অধীনত অপৰাধ গণ্য কৰা হ’ব।"ৰাজহুৱা স্থানত থু–পিক পেলোৱা কাৰ্যক জৰিমনা বিহিবলগীয়া শাস্তি হিচাপে গণ্য কৰা হ’ব। ইয়াৰ লগতে সুৰা, ‘গুটখা’, চাধা আদিৰ বিক্ৰী সম্পূৰ্ণৰূপে নিষেধ কৰা হৈছে।" গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশাৱলীত উল্লেখ আছে।