ৰাছিয়ান পৰ্যটক নিকিতা ক'ৰিয়াভস্কিন প্ৰসংগত সাংবাদিকলৈ পত্ৰ ৰাছিয়ান দুতাবাসৰ : দুতাবাসৰ সহায় নালাগে নিকিতাক :

ৰাছিয়ান পৰ্যটক নিকিতা ক'ৰিয়াভস্কিন প্ৰসংগত সাংবাদিকলৈ পত্ৰ ৰাছিয়ান দুতাবাসৰ : দুতাবাসৰ সহায় নালাগে নিকিতাক :
Aiidesh Photo

Aiidesh News  : 8 March - 2024 :

বিগত ১০ দিনে  ধৰি বোকাখাতৰ ছহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা নিকিতা ক'ৰিয়াভস্কিন নামৰ ৰাছিয়াৰ  পৰ্যটক সম্পৰ্কত সৱিশেষ অৱগত কৰি বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদকে প্ৰেৰণ কৰা পত্ৰৰ উত্তৰত ভাৰতৰ নতুন দিল্লীত থকা ৰাছিয়াৰ দুতাবাসে সম্পাদক গৰাকীলৈ ধন্যবাদ সহ পত্ৰ প্ৰেৰণ কৰিছে । নতুন দিল্লীৰ ৰাছিয়ান দুতাবাসৰ বিষয়া আৰ্থৰ গাৰ্বেষ্টে ৰাছিয়ান পৰ্যটক গৰাকীৰ সমস্যাৰ বিষয়ে অৱগত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি পৰৱৰ্তী সময়ত কলকতাত থকা ৰাছিয়ান কনচুলাৰ বিষয়াৰ লগত যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনায় ৷ ইতিমধ্যেই ৰাছিয়ান পৰ্যটকজনৰ সবিশেষ বিচাৰি কলকতাৰ কনচুলাৰ জেনেৰেলৰ কাৰ্যালয়ৰ পৰা সাংবাদিক গৰাকীৰ সৈতে যোগাযোগো কৰে ৷ 

উল্লেখ্য যে বোকাখাতৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰাছিয়ান পৰ্যটক নিকিতা ক'ৰিয়াভস্কিনক ৭ এপ্ৰিলৰ দিনা বোকাখাত অসামৰিক চিকিৎসালয়ৰ পৰা চিকিৎসকে যাবলৈ দিয়ে ৷ চিকিৎসালয়ৰ পৰা ওলায় পৰ্যটকজনে আজি কাজিৰঙাৰ কঁহৰা বনাঞ্চলিক বিষয়া কাৰ্যালয়লৈ গৈ বনাঞ্চলৰ ক'ৰবাত হেৰুৱা তেওঁ বেগটো উদ্ধাৰ কৰি দিবৰ বাবে অনুৰোধ জনায় যদিও ক'ত তেওঁৰ বেগটো হেৰাল তাৰ সবিশেষ বনাঞ্চলিক বিষয়াক অৱগত কৰিব নোৱাৰাৰ বাবে সমস্যাত পৰিছে সকলো ৷ সম্প্ৰতি ৰাছিয়ান পৰ্যটক জন কঁহৰা আৰক্ষী চকীত আছে ৷

উল্লেখ্য যে নিকিতা ক'ৰিয়াভস্কিন নামৰ পৰ্যটক জনক সকলো প্ৰকাৰৰ সহায় কৰিবলৈ ভাৰতত থকা ৰাছিয়ান দুতাবাস সাঁজু আছে যদিও নিকিতা ক'ৰিয়াভস্কিন নামৰ পৰ্যটকজনে তেওঁ দেশৰ দুতাবাসৰ সহায় লবলৈ অস্বীকাৰ কৰে ৷ মোৰ কোনো সমস্যা হোৱা নাই,  মই ঠিকেই আছো ৷ বেগটো উদ্ধাৰ কৰিব পাৰিলেই মই ম্যানমাৰলৈ যাম বুলি জনায় পৰ্যটক জনে ৷ 

********