কৰম পুজাত চৰকাৰী বন্ধৰ দিন হিচাবে ঘোষণা কৰাৰ দাবীত বোকাখাততো চাহ জনজাতি ছাত্ৰ সন্থাৰ সাংস্কৃতিক প্ৰতিবাদ :

কৰম পুজাত চৰকাৰী বন্ধৰ দিন হিচাবে ঘোষণা কৰাৰ দাবীত বোকাখাততো চাহ জনজাতি ছাত্ৰ সন্থাৰ সাংস্কৃতিক প্ৰতিবাদ :
Photo : Uttam Saikia

AIIDESH NEWS. 25 August :

ভাদ মাহৰ শুক্লা একাদশী তিথিৰ দিনটোত উদযাপিত হয় চাহ জনগোষ্ঠী লোক সকলৰ জাতীয় উৎসৱ কৰম পুজা ৷ ইয়াৰ বাবে কৰম পুজাৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাবে ঘোষণা কৰাৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে আজি বোকাখাততো অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখাৰ উদ্যোগত সাংস্কৃতিক প্ৰতিবাদ সাব্যস্ত কৰে ৷ বোকাখাতৰ গড় কপ্তানি বিভাগৰ পৰিদৰ্শন ভৱনৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় পথতে ছাত্ৰ সংগঠনটোয়ে এই সাংস্কৃতিক প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদী সমদলো কৰে ৷ জাতীয় সাজ পৰিধান কৰি কৰম ডাল হাতত লৈ মাদলৰ চেৱে চেৱে নাচি ছাত্ৰ সংগঠনটোৰ সদস্য সকলে এই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কৰম পুজাৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাবে ঘোষণাৰ দাবী প্ৰতিবাদ সাব্যস্ত কৰে  ৷ আটচাৰ কেন্দ্ৰীয় কমিতিৰ মুখ্য সাংগঠনিক সম্পাদক অনিত গড় , জিলা সমিতিৰ সম্পাদক কুমুদ কালিন্দী আৰু শাখা সমিতিৰ সভাপতি সম্পাদকৰ লগতে প্ৰায় শতাধিক সদস্যই এই সাংস্কৃতিক প্ৰতিবাদ কাৰ্যসুচীত অংশ গ্ৰহন কৰে ৷ প্ৰায় ঘন্টা জুৰি চলা এই কাৰ্যসুচীত ছাত্ৰ সংগঠনটোৰ প্ৰতিবাদী সদস্য সকলে গীতে মাতে উত্তাল কৰি তোলে বোকাখাতৰ আকাশ বতাহ ৷