*সংগীতপ্ৰাণ শিল্পী ইন্দ্ৰেশ্বৰ শৰ্মাৰ বিয়োগ* যোৰহাটত শোকৰ ছাঁ

*সংগীতপ্ৰাণ শিল্পী  ইন্দ্ৰেশ্বৰ শৰ্মাৰ বিয়োগ* যোৰহাটত শোকৰ ছাঁ

 ১৯৩০ চনত ১০ জানুৱাৰীত জন্ম গ্ৰহণ কৰি সুদীৰ্ঘ কৰ্মময় জীৱন সংগীত সাধক হিচাপে যোৰহাট তথা সমগ্ৰ ভাৰতবৰ্ষতে সংগীতৰ ভোটা তৰা হিচাপে জিলিকি থকা মহান শিল্পী সংগীত প্ৰাণ ইন্দ্ৰেশ্বৰ শৰ্মা  মঙ্গলবাৰে দিনৰ  ১-১৫ মান বজাত  ইহলীলা বৰণ কৰে ।

এইজন মহান শিল্পীয়ে ১৯৫২ চনত অসম চৰকাৰৰ পৰা আৰ্থিক অনুদান লাভ কৰি ভায়লীন বাদ্য-, সংগীৰ শিক্ষা গ্ৰহণ কৰে । ইয়াৰোপৰি ১৯৫৬-৫৭ চনৰ ভিতৰত লক্ষ্ণৌৰ ভাতখান্দে  সংগীত মহাবিদ্যালয়ৰ পৰা ভায়লীন বাদ্যৰ বিশাৰদ উপাধিৰে বিভূষিত হোৱা প্ৰথম জন অসমীয়া হিচাপে চিনাকি দিয়ে।  তেখেতে কৰ্মময় জীৱন আৰম্ভ কৰে ১৯৫৮ চনত অসম সংগীত মহাবিদ্যালয়,গুৱাহাটীত । সংগীত শিক্ষক হিচাপে,১৯৬২ চনত স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰি ১৯৮৯ চনত কৰ্মময় জীৱনৰ সামৰণি মাৰে।.প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎত চন্দ্ৰ সিংহৰ দ্বাৰা ৰচিত গীতত সংগীত ব্যৱস্থাপনাত সন্তুষ্ট হৈ প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ লগতে দিল্লীলৈও আমন্ত্ৰণ লাভ কৰিছিল এই শিপ্লী গৰাকীয়ে ।

শিল্পী পেঞ্চন লাভ কৰা মহান শিল্পী গৰাকীক পেঞ্চনাৰ সন্থাৰ তৰফৰ পৰা সংগীত প্ৰাণ উপাধি প্ৰদান কৰা হৈছিল ।

মহান শিল্পী গৰাকীৰ মৃত্যুৰ সময়ত পত্নী, একমাত্ৰ পুত্ৰ ,আৰু এগৰাকী ভগ্নীৰ লগতে বহু পৰিয়াল   এৰি থৈ গৈছে।

তেখেতৰ মৃত্যুত সমগ্ৰ যোৰহাটতেই শোকৰ ছা পৰিছে।  আৰু তেখেতৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতত বাবে এক অপূৰনিয় ক্ষতি.. ।