ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আজি ঘোষিত হোৱা স্নাতকোত্তৰ পৰীক্ষাত বোকাখাতৰ ঋত্বিক পৰাশৰৰ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ :
Aiidesh News : 24 July - 2024 :
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ ছাত্ৰ ঋত্বিক পৰাশৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত অসমীয়া বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম (এ+) স্থান লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে । ঋত্বিক পৰাশৰে বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ ঋত্বিক পৰাশৰ বোকাখাতৰ সেইজীপাৰ নিৱাসী অনন্ত মাধৱ ভাগৱতী আৰু জুৰী শৰ্মা ভাগৱতীৰ সুযোগ্য সন্তান ৷ জে ডি এছ জি মহাবিদ্যালয়ৰ আলোচনী সম্পাদনা কৰাৰ উপৰিও ঋত্বিক পৰাশৰে বানপানীৰ সময়ত কাজিৰঙাৰ পানবাৰী কৰিডৰত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবেও স্বেচ্ছাসেৱক হিচাবে সেৱা আগবঢ়াই আহিছিল ৷
উল্লেখ্য যে ২০২২ বৰ্ষত জে ডি এচ জি মহাবিদ্যালয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ত নিয়মীয়া পাঠ্যক্ৰম আৰম্ভ কৰাৰ অনুমতি লাভ কৰিছিল। অসমীয়া বিষয়ৰ দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমৰ এই পৰীক্ষাত চাৰি গৰাকী পৰীক্ষাৰ্থী অবতীৰ্ণ হৈছিল । আন তিনি গৰাকী পৰীক্ষাৰ্থী ক্ৰমে শিল্পীকা গগৈ 'A', মৃন্ময়ী ৰাজখোৱা আৰু নীলম গগৈয়ে 'B+' লাভ কৰিবলৈ সক্ষম হৈছে । যাৰবাবে উত্তীৰ্ণৰ হাৰ এশ শতাংশ । নিয়মীয়া পাঠ্যক্ৰমৰ স্নাতকোত্তৰ পৰীক্ষাত ছাত্ৰ - ছাত্ৰী সকলৰ এনে সফলতাই মহাবিদ্যালয়খনিৰ লগতে বোকাখাতলৈয়ো গৌৰৱ কঢ়িয়াই আনিছে ।
*********