কাজিৰঙাত পিপলি চেং মাছৰ চোৰাংচিকাৰী : চিকাৰীৰে হোৱা সংঘৰ্ষত আহত বিভাগীয় হাতী মাউত জিতু গনক আৰু এটা চেংমাছৰ চোৰাং ব্যৱসায়ী : ধৃত লোকজনৰ পৰা উদ্ধাৰ একাধিক পিপলি চেংমাছ :

কাজিৰঙাত পিপলি চেং মাছৰ চোৰাংচিকাৰী  : চিকাৰীৰে হোৱা সংঘৰ্ষত আহত বিভাগীয় হাতী মাউত জিতু গনক আৰু এটা চেংমাছৰ চোৰাং ব্যৱসায়ী : ধৃত লোকজনৰ পৰা উদ্ধাৰ একাধিক পিপলি চেংমাছ :
Aiidesh Photo
কাজিৰঙাত পিপলি চেং মাছৰ চোৰাংচিকাৰী  : চিকাৰীৰে হোৱা সংঘৰ্ষত আহত বিভাগীয় হাতী মাউত জিতু গনক আৰু এটা চেংমাছৰ চোৰাং ব্যৱসায়ী : ধৃত লোকজনৰ পৰা উদ্ধাৰ একাধিক পিপলি চেংমাছ :

Aiidesh News  : 5 April - 2024 : 

কাজিৰঙাৰ গঁড়েই নহয় দুৰ্লভ প্ৰজাতিৰ মাছৰ ওপৰতো এতিয়া শেন চকু চোৰাং চিকাৰীৰ ৷ শেষতীয়া ভাৱে ৰাজ্যত বিয়পি পৰা চেংমাছৰ চোৰাং ব্যৱসায়ীৰ অন্যতম লক্ষ্য হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ অতি বিৰল প্ৰজাতি পিপলি চেং মাছৰ চিকাৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত আজি প্ৰৱেশ কৰা ছজনীয়া চোৰাংচিকাৰীৰ দলৰ সৈতে হোৱা সংঘৰ্ষত কাজিৰঙাৰ জিতু গনক নামৰ বিভাগীয় হাতী মাউত জন আহত হোৱাৰ উপৰিও পিপলি চেং মাছৰ সন্ধানত কাজিৰঙাত প্ৰৱেশ কৰা ছজনীয়া দলৰ এজন সদস্যক কৰায়ত্ব কৰিছে বন বিভাগে ৷ মুন আলী নামৰ এই চোৰাং মাছমৰীয়া জনৰ হাতৰ পৰা একাধিক পিপলি চেং মাছ উদ্ধাৰ কৰিছে অভিযানকাৰী বনকৰ্মীয়ে ৷ 

প্ৰাপ্য তথ্য মতে আজি পুৱাতে কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ গৰৈমাৰী বনশিৱিৰ এলেকাত বনকৰ্মীয়ে প্ৰতক্ষ্য কৰে ছজনীয়া মানুহৰ এটা দলক ৷ বনকৰ্মী দেখিয়েই পলায়ন কৰি বনাঞ্চলত আত্মগোপন কৰে দলটোয়ে ৷ লগে লগেই এই দলটোৰ সন্ধানত বনকৰ্মীয়ে আৰম্ভ কৰে অভিযান ৷ অভিযানৰ সময়ত এটা জোপোহাৰ আঁৰত দুজন লোকক দেখি আগবাঢ়ি যোৱা বন বিভাগৰ মাউট জিতু গনকক দাৰে আক্ৰমন কৰে দুজনীয়া দলটোয়ে ৷ দলটোৰ আক্ৰমনত জিতু গনক আহত হয় ৷ এই অৱস্থাত জিতু গনকৰ নিৰাপত্তাৰ বাবে বনকৰ্মীয়ে চলোৱা পাম্প গানৰ গুলীত আহত হয় এজন লোক ৷ আহত লোকজনক কৰায়ত্ব কৰে বন কৰ্মীৰ দলে ৷ ধৃত লোকজনৰ হাতৰ পৰা একাধিক পিপলি চেং মাছ উদ্ধাৰ কৰে বনকৰ্মীৰ দলে ৷ ধৃত লোকজন ২ নং কঁহৰাৰ নিৱাসী মুন আলী বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ পিচতেই ধৃত মুন আলীৰ উপকিও আহত জিতু গনকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে বুলি বনাঞ্চলিক বিষয়াই জনাইছে ৷

********