অসমত গাহৰিৰ দেহত সংক্ৰমণ ছোৱেইন ফিভাৰ

অসমত গাহৰিৰ দেহত সংক্ৰমণ ছোৱেইন ফিভাৰ

ক'ৰণা মহামাৰীৰ আতংকৰ সময়তে এইবাৰ শিৱসাগৰত ছোৱেইন ফিভাৰ৷শিৱসাগৰ আৰু ডিমৌৰ ২০ খন গাঁৱত গাহৰিৰ দেহত সংক্ৰমণ ছোৱেইন ফিভাৰ৷ছোৱেইন ফিভাৰত আক্ৰান্ত হৈ গাহৰি মৃত্যুমুখত পৰাত এতিয়া মূৰে কপালে হাত দিছে গাহৰি পালকে৷২০ খন গাঁৱৰ ৬৫৪০ টা গাহৰিৰ ২৭৪০ টা গাহৰিলৈ সংক্ৰমণ ঘটিছে ছোৱেইন ফিভাৰ৷মৃত্যু হৈছে ৭৩৪ টা গাহৰিৰ৷গাহৰিৰ মৃত্যু ৮০ শতাংশ ছোৱেইন ফিভাৰত আক্ৰান্তৰ সম্ভাৱনা বুলি পশু চিকিৎসা বিষয়াই প্ৰকাশ কৰিছে৷ছোৱেইন ফিভাৰ অন্য পশুধনলৈও সংক্ৰমণৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে৷সংক্ৰমণ ৰোধ কৰিবলৈ পশু চিকিৎসা বিভাগে ছোৱেইন ফিভাৰত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা গাহৰি খাদ্য হিচাপে গ্ৰহণ কৰাৰ পৰিৱৰ্তে পুতি পেলাবলৈ আহ্বান জনাইছে৷