১০৫ নং বোকাখাত বিধানসভা সমষ্টিৰ নিৰ্বাচনী বতাহ : এন ডি এৰ প্ৰাৰ্থী অতুল বৰাক সমালোচনাৰ বিপৰীতে বিজেপিৰ মৃণাল শইকীয়াক প্ৰশংসা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হৰিপ্ৰসাদ শইকীয়াৰ :
Aiidesh News : 6 April - 2026 :
বোকাখাত বিধানসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত তথা ৰাইজৰ দলৰ প্ৰাৰ্থী হৰিপ্ৰসাদ শইকীয়াই খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ উন্নয়নমূলক কাম কাজৰ প্ৰশংসা কৰাৰ বিপৰীতে এন ডি এ প্ৰাৰ্থী তথা অসম গন পৰিষদ দলৰ সভাপতি অতুল বৰাক তীব্ৰ সমালোচনা কৰে । আজি কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাৰ কাৰ্যালয়ত বৃহত্তৰ কমাৰগাঁও অঞ্চলৰ সাংবাদিক সকলৰ সৈতে অনুষ্ঠিত এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি হৰিপ্ৰসাদ শইকীয়াই কয় যে বোকাখাত সমষ্টিৰ পূৰ্বৰ বিধায়ক হিচাপে অতুল বৰাই সাধাৰণ বিধায়কে কৰিবলগীয়া মৌলিক দায়িত্ব সমূহো সুচাৰুৰূপে পালন কৰিব নোৱাৰিলে । হৰিপ্ৰসাদ শইকীয়াইৰ মতে - কেবিনেট মন্ত্ৰী হিচাপে অতুল বৰাই যিমান কাম কৰিছে, তাৰ তুলনাত কাষৰীয়া খুমটাই সমষ্টিৰ বি জে পিৰ বিধায়ক মৃণাল শইকীয়াই অধিক উন্নয়নমূলক কাম ৰূপায়ণ কৰিছে । ইফালে দেওবাৰে বোকাখাতৰ বিহৰা অঞ্চলত অনুষ্ঠিত হৈ যোৱা এন ডি এৰ বিশাল নিৰ্বাচনী সভাত কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু বি জে পি দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই ৰাইজৰ দলক “বিশৃংখল দল” বুলি উল্লেখ কৰা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হৰিপ্ৰসাদ শইকীয়াই কয় যে, চৰকাৰৰ বেয়া কাম সমূহৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱাতো যদি বিশৃংখলতা বুলি কোৱা হয়, তেন্তে তেনে “বিশৃংখলতা” কৰিবলৈ আমি সদায় প্ৰস্তুত । নির্বাচনী পৰিস্থিতি সম্পৰ্কে মন্তব্য কৰি হৰিপ্ৰসাদ শইকীয়াই এইবাৰ বোকাখাত সমষ্টিত নিজৰ জয় নিশ্চিত বুলি আত্মবিশ্বাস প্ৰকাশ কৰে আৰু ৰাইজৰ ব্যাপক সমৰ্থন লাভ কৰাৰ বুলিও দাবী কৰে ।
**********



