বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ উদ্যোগত প্রকাশিত সাপ্তাহিক বাতৰি কাকত 'ৰাইজৰ খবৰ'ৰ ২০ সংখ্যক বর্ষপূর্তি : ৱেব পৰ্টেল 'ৰাইজৰ খবৰ ফ'কাচ' ৰ উদ্বোধন :
Aiidesh News : 27 April - 2026 :
বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ পৃষ্ঠপোষকতাত প্রকাশিত সাপ্তাহিক বাতৰি কাকত 'ৰাইজৰ খবৰ'ৰ ২০ সংখ্যক বর্ষপূর্তি অনুষ্ঠান ২৬ এপ্ৰিলৰ দিনা দিনজোৰা কাৰ্যসূচীৰে বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ আৰু নুমলীগড় শোধনাগাৰৰ সহযোগত জে ডি এছ জি মহাবিদ্যালয়ত অনুষ্ঠিত হয় । এই উপলক্ষে পুৱা বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তই হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। পৰৱৰ্তী সময়ত জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে পৰিৱেশন কৰা সমবেত সংগীতেৰে বিকশিত ভাৰতৰ দিশে, যুৱশক্তি সম্ভাৱনীয়তা আৰু কৃত্রিম বুদ্ধিমত্তাৰ ভূমিকা শীৰ্ষক আলোচনা চক্র অনুষ্ঠিত হয় । জে ডি এছ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জয়ন্ত গগৈৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনা চক্ৰত নুমলীগড় শোধনাগাৰৰ জ্যেষ্ঠ মুখ্য প্ৰৱন্ধক মিন্টু সন্দিকৈয়ে মুখ্য বক্তা আৰু বোকাখাত প্রেছ ক্লাবৰ সম্পাদক তথা বিশিষ্ট পৰিৱেশ কৰ্মী উত্তম শইকীয়াই আৰু কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ বিজয় শৰ্মাই সমল বক্তি হিচাবে অংশ গ্ৰহন কৰে । মিন্টু সন্দিকৈ আৰু বিজয় শৰ্মাই বিকশিত ভাৰতৰ নতুন প্ৰজন্মৰ দায়ীত্ব আৰু উত্তম শইকীয়াই কৃত্ৰিম বুদ্ধিমত্তাৰ বিৱৰ্তন, ব্যৱহৃত সঁজুলি, ইতিবাচক ব্যৱহাৰ আদিৰ ওপৰত সবিস্তাৰে বৰ্ণনা কৰে ।
আলোচনা চক্ৰৰ শেষত ৰাইজৰ খবৰৰ বিশেষ সংখ্যা আৰু পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অপূৰ্ব বৰদলৈৰ ‘এৰা বোটলা’ নামৰ গ্ৰন্থ খন উন্মোচন কৰা হয় । উন্মোচন কৰে শিল্পী শান্তুমনি শৰ্মা আৰু বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ৰাতুল ৰাজখোৱাই । এই অনুষ্ঠানতে 'ৰাইজৰ খবৰ ফ'কাচ' হিচাবেও সামজিক মাধ্যমত ইতিমধ্যে উপলব্ধ হোৱা ৱেব পৰ্টেল আনুষ্ঠানিক উদ্বোধন কৰা হয়। বুটাম টিপি 'ৰাইজৰ খবৰ ফ'কাচৰ উদ্বোধন কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সম্পাদক প্রদীপ চন্দ্ৰ ডেকাই । ৰাইজৰ খবৰৰ মুখ্য সম্পাদক জিতু শৰ্মা ৰাজখোৱাই আঁত ধৰা এই অনুষ্ঠানতে বোকাখাতৰ সাহিত্যিক পেঞ্চনাৰ অপূৰ্ব বৰদলৈক প্ৰয়াত সাংবাদিক বাপকন দাস সোঁৱৰণী ৰাইজৰ খবৰ সাহিত্য বঁটা ২০২৬ আৰু প্রবীণ সাংবাদিক, শিক্ষাবিদ সুষময় পুৰকায়স্থক প্ৰয়াত সাংবাদিক তথা শিক্ষাবিদ ভৱেশ শইকীয়া সোঁৱৰণী ৰাইজৰ খবৰ প্ৰবীণ সাংবাদিক বঁটা ২০২৬ প্ৰদান কৰা হয় । সুষময় পুৰকায়স্থৰ অনুপস্থিতিত তেওঁৰ পুত্ৰ সুব্ৰত পুৰকায়স্থই এই বঁটা গ্ৰহন কৰে। অনুষ্ঠানতে অল ইণ্ডিয়া জাৰ্ণালিষ্ট ইউনিয়নে ৰাইজৰ খবৰৰ সম্পাদক জিতু শৰ্মালৈ আগবঢ়োৱা আজীৱন সাংবাদিকতাৰ বঁটাৰ বাবে বিশেষ সম্বৰ্ধনা জনোৱা হয় ।
ইয়াৰ পিচতেই কেইবাটাও শাখাত সদৌ অসম ভিত্তিত হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীতৰ আধাৰত একক আৰু দলীয় সৃষ্টিশীল নৃত্য প্রতিযোগিতা অনুষ্ঠিত হয় । শিশু শিল্পীৰ দলীয় নৃত্যৰে প্ৰতিযোগিতাৰ মঞ্চ উদ্বোধন কৰা হয় । প্ৰতিযোগিতাত মুঠ ৩৬ গৰাকী প্ৰতিযোগীয়ে একক আৰু দলীয় প্ৰতিযোগিতাত অংশ গ্ৰহন কৰে । প্ৰতিযোগিতাৰ মাজতেই ৰাইজৰ খবৰৰ ২০ সংখ্যক বৰ্ষপুৰ্তিৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা সম্পাদকীয় সংকলন উন্মোচন কৰে নুমলীগড় শোধনাগাৰৰ জেষ্ঠ মহাপ্ৰৱন্ধক ড০ কাজল শইকীয়াই । শেষত ছাত্ৰীৰ মাজত অনুষ্ঠিত হোবা প্রবন্ধ প্রতিযোগিতাৰ উচ্চ শাখাত প্রথম স্থান পোৱা নুমলীগড় নগৰাঞ্চলৰ দর্শনা নেওগ, দ্বিতীয় স্থান প্ৰাপ্ত গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ জীৰৱনজ্যোতি গগৈ, তৃতীয়স্থান পোৱা গোলাঘাট জাতীয় বিদ্যালয় অংকিত বৰদলৈ, নিম্ন শাখাত প্রথম স্থান পোৱা নেহেৰু স্মৃতি বালিকা বিদ্যালয়ৰ হিমাক্ষী ডেকা, দ্বিতীয় স্থান পোৱা বোকাখাত খ্ৰীষ্টজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সুদর্শনা ভট্টাচার্য, তৃতীয় স্থান পোৱা মৰিগাঁও শংকৰদেৱ বিদ্যা নিকেতনৰ দিব্যম শিবম কন্দলীৰ উপৰিও
যোৰহাটৰ শমিষ্ঠা বৰা, গুৱাহাটী প্রাগজ্যোতিষ মহাবিদ্যালয় নুৰ জাহান খাতুন, নলবাৰী বানেকুছি প্রীতম বর্মন, গুৱাহাটী জালুকবাৰীৰ মিন্টু (অভিজ্ঞান) বৈশ্য, গোলাঘাট মলয় কৃষ্ণ শইকীয়া, খ্ৰীষ্টজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অন্বেষা সেনগুপ্তা, আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সুশান্ত দাসক উদগণি বঁটা প্ৰদান কৰাৰ উপৰিএ ন.ত্য প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগি সকলকো বঁটা প্ৰদান কৰা হয়।
*********



