মেক্সিকোত ‘কৰনা বিয়েৰ’ৰ উৎপাদন বন্ধ

মেক্সিকোত ‘কৰনা বিয়েৰ’ৰ উৎপাদন বন্ধ

মেক্সিকোৰ বিয়েৰ উৎপাদনকাৰী প্রতিষ্ঠান গ্রুপ’ মডেলোৱে কয় যে কভিড-১৯ মহামাৰীৰ কাৰণে দেশখনত দেখা দিয়া স্বাস্থ্য জৰুৰী অৱস্থাৰ কাৰণে ‘কৰনা বিয়েৰ’ৰ উৎপাদন বন্ধ কৰি দিয়া হৈছে৷ গ্রুপ’ মডেলোৱে পেচিফিক’ আৰু মডেলো ব্রেণ্ডৰ বিয়েৰো উৎপাদন কৰে৷

কৰনা ভাইৰাছ বিয়পি পৰাটো নিয়ন্ত্রণ কৰিবলৈ মেক্সিকোৰ চৰকাৰে সকলো অনাৱশ্যকীয় কাম-কাজ ৩০ এপ্রিল পর্যন্ত বন্ধ কৰিবলৈ দিয়া নির্দেশ মানি কোম্পানীটোৱে এই সিদ্ধান্ত লৈছে৷ মেক্সিকোৰ আন এটা প্রধান বিয়েৰ উৎপাদনকাৰী কোম্পানী হেইনিকেনেও উৎপাদন বন্ধ কৰি দিব পাৰে৷ এই কোম্পানীটোৱে টিকেট আৰু ডছ ইকুইছ ব্রেণ্ডৰ বিয়েৰ উৎপাদন কৰে৷