লকডাউন ভংগকাৰীক আইনমতে দণ্ড বিহা হ’বঃ আৰক্ষী সঞ্চালক প্ৰধান

লকডাউন ভংগকাৰীক আইনমতে দণ্ড বিহা হ’বঃ আৰক্ষী সঞ্চালক প্ৰধান

লকডাউন ভংগকাৰীৰ ক্ষেত্ৰত কঠোৰ হৈছে অসম আৰক্ষী। আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাষ্কৰজ্যোতি মহন্তই সংবাদমেলত কয় যে কোনো ব্যক্তি বাহিৰলৈ ওলাই আহিলে মাস্ক পৰিধান কৰিব লাগিব। আনহাতে সকলোৱে সামাজিক দূৰত্ব বজাই ৰখাটো অত্যন্ত জৰুৰী। আনহাতে ৰাজ্যখনত ৫০০০ হেজাৰ জন অতিৰিক্ত হোম গাৰ্ড নিয়োগ কৰা হৈছে। একেটা অঞ্চলত ৫ জনকৈ অধিক লোক সমৱেত হ’ব নোৱাৰিব। বিয়া আৰু সৎকাৰৰ কাৰণে স্থানীয় প্ৰশাসনে নিৰ্ধাৰণ নীতি নিয়ম কৰি দিব। ৰাজহুৱা ঠাইত থুপেলাল গুৰুত্ব অপৰাধ হিচাপে গ্ৰহণ কৰা হ’ব লগতে ৰাজহুৱা ঠাইত প্ৰেস্ৰাৱ কৰিলে জৰিমণা বিহা হ’ব। । আনহাতে ৰাজহুৱা অঞ্চলত ধুমপান কৰিলেও জৰিমণা বিহা হ’ব।
ধঁপাতজাতীয় সামগ্ৰী, গুটখা আদি সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হৈছে। সুৰাও বিক্ৰী ও বন্ধ হৈ থাকিব। লগতে অসম আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে সংবাদমেলখনতে উল্লেখ কৰে যে কোনো কাৰণ নোহাৱাকৈ ৰাজপথত চলাচল কৰা ২৫হাজাৰ খন বাহন এতিয়ালৈকে আৰক্ষীয়ে জব্দ কৰিছে। লগতে আৰক্ষী সঞ্চালক প্ৰধান জনে ৰাইজক পুনৰ আহ্বান জনায় যে বিনা কাৰণত ঘৰলৈ ওলাই নাহিব যদি ওলাই আহে তেতিয়াহলে আৰক্ষীৰ ৰোষত পৰিব ।