মুজাহিদীনৰ শীৰ্ষ কামাণ্ডাৰ ৰিয়াজ নাইকুসহ পাঁচজন উগ্ৰপন্থীক হত্যা

মুজাহিদীনৰ শীৰ্ষ কামাণ্ডাৰ ৰিয়াজ নাইকুসহ পাঁচজন উগ্ৰপন্থীক হত্যা

কাশ্মীৰত সন্ত্ৰাসবাদৰ বিপক্ষে যুদ্ধত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘষৰ্ত বুধবাৰে বৃহত সফলতা লাভ কৰে। অৱন্তীপোৰাত দুই পৃথক পৃথক স্থানত হোৱা সংঘৰ্ষৰ্ত নিৰাপত্তাৰক্ষীয়ে হিজবুল মুজাহিদীনৰ শীৰ্ষ কামাণ্ডাৰ ৰিয়াজ নাইকুসহ এতিয়ালৈকে পাঁচজন উগ্ৰপন্থীক হত্যা কৰিছে। নাইকুৰ মৃত্যু হিজবুলৰ বাবে ডাঙৰ ক্ষতি। একেদৰে অৱন্তী পৰাৰ পৰা আতঁৰত শাৰশালীত হোৱা আন এক সংঘৰ্ষত তিনি গৰাকী উগ্ৰপন্থীক সেনাই হত্যা কৰিবলৈ সক্ষম হৈছে।