তিনিটা দশকৰ অন্বেষণৰ শেষত মেঘালয়ৰ গুহাবোৰ বন্যপ্ৰাণীৰ আশ্ৰয়স্থল, চিকাৰস্থলী, আৰু মৰণ ফাণ্ড বুলি প্ৰমাণিত : জুল’জিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ চিলং কেন্দ্ৰৰ সাফল্য :
Aiidesh News : 6 April - 2026 :
মেঘালয় ৰাজ্যত সিঁচৰিত হৈ থকা গুহাবোৰত বিগত তিনিটা দশক ধৰি চলোৱা অধ্যয়ন আৰু সংগৃহীত তথ্য বিশ্লেষণ কৰি বিজ্ঞানীসকলে মেঘালয়ৰ এই গুহা ব্যৱস্থাৰ সৈতে কেইবাটাও স্থলজ স্তন্যপায়ী প্ৰজাতিৰ সম্পৰ্কৰ প্ৰমাণ পাইছে । বিজ্ঞানী সকলে চলোৱা এই অধ্যয়নৰ প্ৰতিবেদন ব্ৰিটিছ গুহা আলোচনী কেভ এণ্ড কাৰ্ষ্ট চাইন্সৰ শেহতীয়া সংখ্যাত প্ৰকাশ পাইছে । এই অধ্যয়নত মেঘালয়ৰ ৮০ টা পৃথক গুহাৰ পৰা সংগ্ৰহ কৰাৰ লগতে ১৯৯২ চনৰ পৰা ২০২৫ চনলৈকে সংগ্ৰহ কৰা ১২০ টাতকৈও অধিক স্তন্যপায়ী প্ৰাণীৰ জীৱন্ত তথ্য, বাহ বা আৱাস, প্ৰিন্ট, কংকাল হাঁড় আদিৰ নমুনাৰ বিশ্লষাত্মক আলোচনা কৰা হৈছে । চিলংত থকা জুল’জিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ জেষ্ঠ বিজ্ঞানী উত্তম শইকীয়াৰ নেতৃত্বত ডিনবাৰ্গৰ গ্ৰেম্পিয়ান স্পেলিঅ’লজিকেল গোটৰ পৰা ডেন হেৰিছ, জেনেভাৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ৰ পৰা মেনুৱেল ৰুইডি, চুইচ ইনষ্টিটিউট অৱ স্পেল’লজি এণ্ড কাৰ্ষ্ট ষ্টাডিজৰ পৰা থমাছ আৰ্বেঞ্জ, স্পেলিঅ’লজি ফাউণ্ডেশ্যনৰ ৰোমানিয়াৰ পৰা ওয়ানা চাচুলা “ক্লাব স্পেঅ’ বুকোভিনা, শ্বিলংৰ লেডী কিন কলেজৰ খলুৰ মুখিম আৰু মেঘালয় এডভেঞ্চাৰছ এছ’চিয়েশ্যনৰ ব্রায়ান কে ডেলিয়ে এই অধ্যয়নত অংশ লৈছিল । অধ্যয়নটোত এডৱাৰ্ডৰ জায়েণ্ট ৰেট নামৰ এন্দুৰ প্ৰজাতিটোক মেঘালয় গুহাত সচৰাচ পোৱা স্তন্যপায়ী প্ৰাণী হিচাপে পোৱা বুলি উল্লেখ কৰাৰ উপৰিও দুটা বিশেষ প্ৰজাতিৰ কেটেলাপহু থকাৰ তথ্যও সন্নিবিষ্ট হৈছে । প্ৰতিবেদনৰ মতে গুহাৰ ভিতৰত থকা পুখুৰী সদৃশ জলাশয় বোৰত মাংসভোজীৰ প্ৰাণীবোৰে বাদুলি, পোক-পৰুৱা বা জলজ প্ৰাণীৰ চিকাৰৰ বাবে ব্যৱহাৰো কৰে। অৱশ্যে এই গুহাবোৰ বান্দৰ প্ৰজাতিৰ প্ৰাণী আদৰ্শ আৱাস হোৱা কোনো প্ৰামীনিক তথ্য পোৱা নাই বুলিও এই প্ৰতিবেদনত প্ৰকাশ। গুহাৰ পৰা স্তন্যপায়ী প্ৰাণীৰ অৱস্থিতি আৰু ব্যৱহাৰ সম্পৰ্কত অধিক তথ্যৰ বাবে পৰিৱেশৰ ডি এন এ বিশ্লেষণৰ দৰে উচ্চ প্ৰযুক্তি প্ৰয়োজন হ'ব বুলি প্ৰকাশিত অধ্যয়ন প্ৰতিবেদনত প্ৰকাশ। উল্লেখ্য যে চিলংত থকা জুল’জিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ জেষ্ঠ বিজ্ঞানী উত্তম শইকীয়া বোকাখাতৰ ডিফলু পথৰ বাসিন্দা আৰু কৰ্মসুত্ৰে চিলংত কৰ্মৰত ।
*****************



