৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা : অসমলৈ সুখবৰ :

৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা  : অসমলৈ সুখবৰ  :
Google

৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা  : অসমলৈ সুখবৰ  : 

Aiidesh News  : 24 August  2023  :

২৪ আগষ্টত ঘোষিত ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাই অসমৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ৷ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ তালিকাত তিৱা ভাষাৰ ছবি ফায়াৰ অন এডজ লৈ শ্ৰেষ্ঠ নৃতাত্বিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা, 'অনুৰ' ত অভিনয় কৰা ডাঃ জাহানাৰা বেগমলৈ জুৰীৰ বিশেষ বঁটা, 'অনুৰ'লৈ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা, 'বুম্বা ৰাইড'লৈ মিচিং ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা, 'হাতীবন্ধু'ৰ বাবে কুলদা কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়ালৈ শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰৰ ৰাষ্ট্ৰীয় বঁটা, 'অনুনাদ'লৈ শ্ৰেষ্ঠ সামাজিক বিষয়কেন্দ্ৰিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে ।

উল্লেখ্য যে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ৰকেট্ৰিলৈ শ্ৰেষ্ঠ চলচিত্ৰ বঁটা, গোদাবৰী ছবিৰ বাবে নিখিল মহাজনলৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা,  পুষ্পা ছবিত কৰা অভিনয়ৰ বাবে আল্লু অৰ্জুনলৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা,   গংগুবাঈ কাঠিবাড়ী ছবিত কৰা অভিনয়ৰ বাবে আলিয়া ভাটলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা,  আৰ আৰ আৰ ছবিৰ গীতৰ বাবে কালা ভৈৰৱলৈ শ্ৰেষ্ঠ নেপথ্য গায়কৰ বঁটা আৰু শ্ৰেয়া ঘোষাললৈ শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ বঁটা আগবঢ়োৱা হৈছে ৷ 

******