ক’ভিড–১৯এ উত্থান ঘটাব সন্ত্রাসবাদ–উগ্রপন্থাৰ

ক’ভিড–১৯এ উত্থান ঘটাব সন্ত্রাসবাদ–উগ্রপন্থাৰ
ৰাষ্ট্ৰসংঘ

মাৰাত্মক কভিড১৯ বা কৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণে বিশ্বজুৰি উগ্রপন্থা, নৈৰাজ্যবাদ আৰু সন্ত্রাসবাদৰ উত্থান ঘটাব পাৰে৷ এই আশংকা কৰিছে বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এণ্টনিগুটেৰেছে৷ সচিবপ্রধানগৰাকীয়্ শেহতীয়াকৈ মন্তব্য কৰিছে যে কভিড১৯ৰ ফলত যুৱ প্রজন্ম অধিক সংকটৰ সন্মুখীন হব৷ গতিকে বিশ্বৰ প্রতিখন দেশে যুৱ প্রজন্মৰ বিষয়টোক অতি গুৰুত্বসহকাৰে লোৱাৰ লগতে শান্তি আৰু নিৰাপত্তাৰ বিষয়টোক অগ্রাধিকাৰ দিব লাগিব বুলি গুটেৰেছে উল্লেখ কৰিছে৷